নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত আৰক্ষীৰ দাদাগিৰি! কনিষ্টবল ফকৰুদ্দিন আহমেদক নিলম্বন, SI প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল’জ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ গুৱাহাটীৰ ৰাজপথত আৰক্ষীৰ দাদাগিৰি। শুকুৰবাৰে মহানগৰীৰ ৰাজপথত পত্নী আৰু কণমানি সন্তানৰ সন্মুখতে বাইকত থকা এজন লোকক প্ৰহাৰ কৰাৰ ঘটনাৰ বাবে পল্টনবজাৰ থানাৰ যানবাহন আৰক্ষী ফকৰুদ্দিন আহমেদক নিলম্বন কৰাৰ বিপৰীতে ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ ডেকাক।

উল্লেখ্য যে পল্টন বজাৰৰ ৰাজপথত পৰিয়ালৰ সন্মুখতে এজন লোকক গুৰুলা গুৰুলকৈ আৰক্ষীৰ এটা দলে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল । আৰক্ষীৰ প্ৰহাৰৰ সময়ত প্ৰহৃত লোকজনৰ বাইকত তেওঁৰ পত্নী আৰু কণমানি সন্তানটোও আছিল । বাইকত থকা অৱস্থাতে তৰ্কাতৰ্কিত লিপ্ত হৈ লোকজনক কনিষ্টবল ফকৰুদ্দিন আহমেদে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ সময়ত তেওঁৰ পত্নী আৰু সন্তান বাইকৰ পৰা পৰি গৈছিল । হোলিৰ দিনাই সংঘটিত হৈছিল এই ঘটনা। ভুল পথেৰে বাইক চলাই অহাৰ বাবেই বাইক আৰোহীজনক প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবলজনে। এই ঘটনাটো ভাইৰেল হোৱাৰ পিছতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শনিবাৰে কনিষ্টবলজনক নিলম্বনৰ নিৰ্দেশ দিলে মহানগৰ আৰক্ষীৰ আয়ুক্তগৰাকীয়ে। ইপিনে আন এক নিৰ্দেশনাযোগে পল্টন বজাৰ থানাৰ যানবাহন নিয়ন্ত্ৰণ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক প্ৰণৱ কুমাৰ ডেকাক তৎকালীনভাৱে হোৱাকৈ ৰিজাৰ্ভ ক্ল’জ কৰা হয়।

You might also like