নিয়মীয়া বার্তা, মেৰাপানী, ১৫ ডিচেম্বৰ : অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ জয়পুৰ গাঁৱত কালি বিয়লি তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ আবেলি ৪ মান বজাত চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১জনীয়া অস্ত্রধাৰী চিকাৰীৰ দলে জয়পুৰ গাঁৱত চৰাই চিকাৰ কৰিবলৈ আহি অসমীয়াক ভাবুকি দি মাৰপিট কৰে৷
ভেলৌগুৰি জয়পুৰ গাঁৱৰ স্থানীয় লোকে চৰাই মৰা কার্যত বাধা প্রদান কৰাৰ বাবেই অসমৰ ভূমিতে গাঁওখনৰ কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ, ৰুমী গোৱালা নামৰ চাৰিজনকৈ লোকক গুৰুলা–গুৰুলকৈ প্রহাৰ কৰে৷ ব্যক্তিকেইজনক মাৰপিট কৰা দেখি গাঁওখনৰ পুৰুষ–মহিলা, যুৱক–যুৱতী সকলো ওলাই আহি নগা অস্ত্রধাৰী দলটোক প্রতিহত কৰিবলৈ চেষ্টা কৰে৷
ঘটনা সন্দর্ভত গাঁওবাসী ৰাইজে খেদি খেদি দুজন নগা লোকক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে, ৯জন নগা যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ আটকাধীন নগা যুৱক দুজনৰ নাম বাংগা লুথা, চুচুম’ অডিঅ’ বুলি জানিব পৰা গৈছে৷ পাছত ঘটনাস্থলীত মেৰাপানী ডি ছেক্টৰৰ চি আৰ পি এফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰে যদিও স্থানীয় গাঁওবাসীয়ে পলায়ন কৰা ৯জন নগা যুৱকক আটক নকৰা পর্যন্ত কৰায়ত্ত কৰা দুই নগা যুৱকক আৰক্ষীৰ জিম্মাত দিবলৈ অমান্তি হয় ৷
ইফালে, গাঁওখনৰ ৰাইজে ঘটনা সন্দর্ভত মেৰাপানীৰ আৰক্ষীক খবৰ দিয়ে যদিও মেৰাপানী থানাৰ নিতুল দাস নামৰ সহকাৰী উপ–পৰিদর্শকজনে উক্ত এলেকা নাগালেণ্ডৰ ভাণ্ডাৰী থানাৰ বুলি মত প্রকাশ কৰি বিষয়টোত গুৰুত্ব নিদি প্রথমে গা এৰা দিয়ে৷ পাছত স্থানীয় ৰাইজে অসমৰ ভৌগোলিক মানচিত্রৰ ভিতৰৰ এলেকা কেনেকৈ ভাণ্ডাৰী থানাৰ অন্তর্গত বুলি দাবী উত্থাপন কৰাত বহু পলমকৈ ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হয়৷
উল্লেখ্য যে মেৰাপানী সীমাৰ ৮৩টা অসমীয়া কৃষিজীৱী পৰিয়ালে বসবাস কৰা ভেলৌগুৰি জয়পুৰৰ নিজৰ গাঁৱতেই গাঁওবাসী নিৰাপদ নহয় বুলি আক্ষেপ কৰে৷