নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত মানৱ সভ্যতা

গোলকীয় উষ্ণতাৰ সমান্তৰালভাৱে জলবায়ুৰ অস্বাভাৱিক পৰিৱর্তনে মানৱ সভ্যতালৈ সংকট নমাই আনিছে৷ ৰাষ্ট্রসংঘৰ ‘ৱর্ল্ড মেটেৰ’ ল’জিকেল অর্গেনাইজেচন’ৰ দ্বাৰা ইতিপূর্বে প্রকাশিত এখন গুৰুত্বপূর্ণ প্রতিবেদনত উল্লেখ কৰা হৈছিল যে প্রাক্ শিল্প যুগ (১৮৫০–১৯০০ চন)ৰ তুলনাত পৃথিৱীৰ উত্তাপ সম্প্রতি ১.১ ডিগ্রী চেলছিয়াতকৈ অধিক বৃদ্ধি পাইছে৷ প্রধানতঃ বায়ু মণ্ডলত গ্রীন হাউছ গেছৰ নিঃসৰণ প্রতিনিয়ত বৃদ্ধি পাবলৈ ধৰাৰ ফলতেই এনেদৰে বাঢ়ি গৈ আছে তাপমান৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই পৃথিৱীৰ বর্ধিত তাপমাত্রা ২ ডিগ্রী চেলছিয়াৰ তলত সীমাবদ্ধ কৰি ৰখাৰ হকে পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে বিশ্বৰ প্রায় ২০০খন দেশ সহমতত উপনীত হৈছে৷ কিন্তু তাৰ পিছতো মানৱসৃষ্ট প্রদূষণ হ্রাস পোৱা নাই, উদ্ভৱ হৈছে গোলকীয় উষ্ণতা–জলবায়ুৰ অস্বাভাৱিক পৰিৱর্তনৰ দৰে জটিল সমস্যাৰ৷ ৰাষ্ট্রসংঘকে ধৰি বিভিন্ন সংস্থা তথা গৱেষকৰ দলে বিগত সময়ছোৱাত চলোৱা বহু গৱেষণাত এই কথা স্পষ্ট হৈছে৷ শেহতীয়াকৈ চিকিৎসা সম্পর্কীয় আন্তর্জাতিক গৱেষণা বার্তালোচনী ‘লেনছেট প্লেনেটেৰী হেল্থ’ত প্রকাশ পোৱা এখন গৱেষণা পত্রত পৃথিৱীবাসীৰ বাবে যথেষ্ট উদ্বেগজনক তথ্য সন্নিৱিষ্ট হৈছে৷ গৱেষণা পত্রিকাখনত উল্লেখ কৰা অনুসৰি অতি ভয়ংকৰ হাৰত বৃদ্ধি পাব ধৰিছে তাপপ্রবাহ আৰু শীতপ্রবাহত মৃত্যু হোৱা লোকৰ সংখ্যা৷ সমগ্র বিশ্বত প্রতি বছৰে গড়ে ৫০ লাখতকৈও অধিক লোকৰ মৃত্যু হয় তাপপ্রবাহ আৰু শীতপ্রবাহৰ পৰিণতিত৷ বিগত কুৰি বছৰ ধৰি চলোৱা গৱেষণাৰ অন্তত গৱেষণা পত্রখনত কোৱা হৈছে যে ২০ বছৰ পূর্বে পৃথিৱীত যিটো হাৰত শীতপ্রবাহৰ উদ্ভৱ হৈছিল তাৰ সংখ্যা এতিয়া যথেষ্ট হ্রাস পাইছে৷ পিছে অতি সাংঘাতিক ধৰণে বৃদ্ধি পাইছে তাপপ্রবাহ৷ বিশ্বত প্রতি বছৰে যিমানসংখ্যক মানুহৰ স্বাভাৱিক মৃত্যু হয়, তাৰ ৯.৪ শতাংশই তীব্র তাপপ্রবাহ আৰু শীতপ্রবাহৰ স্বীকাৰ হয়৷
তাপপ্রবাহৰ ভয়ংকৰ পৰিণতিৰ অতি শেহতীয়া উদাহৰণ হ’ল প্রশান্ত মহাসাগৰৰ উত্তৰ–পশ্চিমৰ কানাডা আৰু আমেৰিকাৰ একাংশ অঞ্চল৷ প্রচণ্ড উষ্ণতাই তিনি শতাধিক লোকৰ প্রাণ কাঢ়ি নিয়াৰ লগতে সামুদ্রিক জীৱ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ১০০ কোটিতকৈও অধিক সাগৰীয়া প্রাণীৰ মৃত্যু হৈছে৷ ইউৰোপীয় ইউনিয়নৰ উপগ্রহ ‘ক’পাৰনিকাছ’–এ প্রেৰণ কৰা তথ্যৰ ভিত্তিত প্রস্তুত হোৱা এক প্রতিবেদন অনুসৰি উত্তৰ আমেৰিকাৰ ইতিহাসত চলিত বছৰৰ জুন মাহটোৱে আছিল আটাইতকৈ গৰম৷ পূর্বে কোনো এটা বছৰৰ জুন মাহত উত্তৰ আমেৰিকাবাসীয়ে এইবাৰৰ দৰে উষ্ণতা অনুভৱ কৰা নাছিল৷ সেইদৰে ইউৰোপ মহাদেশৰ ক্ষেত্রত এইবাৰৰ জুন মাহটো দ্বিতীয় উষ্ণতম আৰু সমগ্র বিশ্বৰ ক্ষেত্রত তাপাত্রাৰ নিৰিখত এই মাহটো চতুর্থৰূপে চিহ্ণিত হৈছে৷ নিশ্চিতভাৱে পৃথিৱী গ্রহৰ বাবে এনে তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে৷ বতৰ বিজ্ঞানীসকলৰ মতে এনে ধৰণৰ ঘটনা এহেজাৰ বছৰৰ মূৰকত এবাৰ ঘটিব পাৰে৷ কিন্তু গোলকীয় উষ্ণতাৰ পৰিণতিত যিটো হাৰত তাপপ্রবাহ বৃদ্ধি পাবলৈ ধৰিছে, তাক ৰোধ কৰিব নোৱাৰিলে সঘনে ইয়াৰ পুনৰাবৃত্তি ঘটাৰো আশংকা প্রকাশ কৰা হৈছে৷ সেয়েহে মানৱ জাতিয়ে এইক্ষেত্রত অধিক সজাগ আৰু সচেতন হ’ব লাগিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল পৃথিৱীৰ তাপমাত্রা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফৰ ভাণ্ডাৰ অভাৱনীয়ভাৱে গলিবলৈ ধৰিছে৷ যাৰ কাৰণে বৃদ্ধি পাইছে সাগৰপৃষ্ঠৰ গড় উচ্চতাও৷ যিটো উপকূলৱর্তী দেশসমূহত ভয়ংকৰ বানপানীৰ কাৰণ হ’ব পাৰে৷ গ্রীন হাউছ গেছৰ ৯০ শতাংশ তাপ শুহি লয় সমুদ্রই৷ পৰিণতিত সাগৰপৃষ্ঠৰ তাপমাত্রায়ো অভিলেখ গঢ়িছে৷ মুঠৰ ওপৰত গোলকীয় উষ্ণতা–জলবায়ুৰ অস্বাভাৱিক পৰিৱর্তনে পৃথিৱী গ্রহক এক সাংঘাতিক অৱস্থাৰ গৰাহলৈ ঠেলি দিছে৷ সেয়েহে সম্ভাব্য বিপদৰ কথা চিন্তা কৰি মানৱ জাতিয়ে এইক্ষেত্রত হাতে হাত ধৰি ঐক্যবদ্ধভাৱে আগবঢ়া উচিত৷

You might also like