নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যাবৃত্ত : জোনমণিৰ অকাল মৃত্যুক লৈ সকলোতে প্ৰশ্নৰ উদ্ৰেক

বিশেষ বাৰ্তা, ১৬ মেঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত জখলাবন্ধাত কৰুণ মৃত্যুক আঁকোৱালি ললে লাহসী আৰক্ষী বিষয়া তথা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া SI জোনমণ ৰাভাই। যোৱা নিশা জোনমণি ৰাভাই নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাকত খুন্দা মৰাৰ ফলতেই তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনাত ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ পাছত চূৰ্ণ-বিচূৰ্ণ জোনমণি ৰাভাই চলাই যোৱা বাহনখন আৰু থিতাতে নিহত SI জোনমণি ৰাভা। উল্লেখ্য যে সোমবাৰে অসুস্থ মাতৃক নগাঁৱলৈ লৈ গৈছিল জোনমণি ৰাভাই। মাতৃৰ চিকিতসাৰ বাবে কালি মাকক ঘৰৰ পৰা লৈ গৈছিল জোনমণিয়ে। নিশা এনে মৰ্মান্তিক ঘটনাৰ পিছত এতিয়া জোনমণিৰ গুৱাহাটীৰ কাহিলিপাৰাস্থিত বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইফালে আৰক্ষী বিষয়াৰ দায়িত্বৰ উপৰি সাংস্কৃতিকভাৱেও বিশেষ পাৰদৰ্শী আছিল জোনমণি ৰাভা। কিছুদিন পূৰ্বে নগাঁও আৰক্ষী ছাউনীৰ খেলপথাৰত অনুষ্ঠিত আৰক্ষীৰ বিহুত সাজি-কাচি বিহু নাচিছিল জোনমণিয়ে। আনহাতে জোনমণি ৰাভাৰ কাৰ্ষৰত মৰিকলং আৰক্ষী চকীৰ কাৰ্যালয়ত এতিয়া নিস্তব্ধতাৰ পৰিৱেশ। কিন্তু জোনমণিৰ এই মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়াল তথা শুভাকাংক্ষীয়ে। যাৰ বাবে এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। সেই হেতু জোনমণিৰ মৃত্যুৰ জোৰদাৰ তদন্ত বিচাৰিছে জোনমণিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। আনহাতে কালি নিশা হোৱা দুৰ্ঘটনাৰ পিছত জখলাবন্ধা আৰক্ষীয়ে মন্তব্য দিছে। সেই অনুসৰি ভুল পথেৰে জোনমণি ৰাভাই বাহন চলোৱা নাছিল বুলি মন্তব্য জখলাবন্ধা আৰক্ষীৰ। তেওঁলাকে প্ৰকাশ কৰা অনুসৰি ট্ৰাকৰ খুন্দাতহে নিজৰ ট্ৰেকৰ পৰা ৰং ট্ৰেকলৈ জোনমণি ৰাভাৰ বাহনখন গৈছিল বুলি মন্তব্য আৰক্ষীৰ। ইফালে কিছুদিন আগতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা তথা এসময়ত জোনমণিক আঙঠি পিন্ধোৱা মাজুলীৰ ৰাণা পগাগ শোকত ভাগি পৰিছে। তেওঁ জনোৱা মতে যথাৰীতি জোনমণিৰ মৃত্যৰ পিছত কৰিব লগা সকলো কাৰ্য তেওঁ কৰিব। জীয়াৰীৰ মৃত্যুত হিয়া ঢাকুৰি কান্দিছে মাতৃয়ে। ‘তই মোক কৈছিলি মা তই কাম কৰিব নালাগে। মই আছো নহয় তই চিন্তা নকৰিবি মা। মোৰ আগে পিছে এতিয়া কোনো নাই অ’ মাজনী।’ এইদৰেই ইননি বিননি জোনমণিৰ মাতৃৰ। আনহাতে জোনমণি ৰাভাই প্ৰথম চাকৰি জীৱন আৰম্ভ কৰিছিল গড়মূৰ থানাত। আজি শোকত ম্ৰিয়মাণ আৰক্ষী থানাখনত শ্ৰদ্ধাঞ্জলি জনাইছে আৰক্ষী বিষয়া আৰু জোনমণি ৰাভাৰ একালৰ সতীৰ্থসকলে। আন এক নতুন খবৰে ৰহস্যাবৃত্ত কৰি তুলিছে সমগ্ৰ ঘটনাটো। জোনমণিৰ মাতৃ আৰু মাহীয়েকে কৰা অভিযোগ অনুসৰি দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিলে প্ৰায় এক লাখ টকা। হাঁহ, মুৰ্গী বিক্ৰী কৰি জোনমণিৰ মাতৃয়ে উপাৰ্জন কৰা এক লাখ টকা জব্দ কৰাৰ অভিযোগ নগাঁও আৰক্ষীৰ বিৰুদ্ধে। গতিকে এই প্ৰশ্নয়ো ৰহস্যৰ মাজলৈ ঠেলিছে ঘটনাটোক। কিন্তু সকলোৰে মনত প্ৰশ্ন- জোনমণিৰ এয়া অকাল মৃত্যু নে পথ দুৰ্ঘটনা। নে কাৰোবাৰ পূৰ্বপৰিকল্পিত হিংসাৰ বলি হল জোনমণি। নেমানসিক অশান্তিত ভুগি আছিল নেকি জোনমণি? কিয় চৰম পথ বাছি ল’লে জোনমণি ৰাভাই? বহু প্ৰশ্নৰ উদ্ৰেক কৰি হেৰাই গল সাহসী আৰক্ষী বিষয়া জোনমণি।

You might also like