নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলি শিক্ষাখণ্ডৰ শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত চুৰি

বিশেষ বাৰ্তা, ৩ এপ্ৰিলঃ ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত কালি নিশা চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত।ঢেকীয়াজুলি সমষ্টিৰ গড়মাৰা পঞ্চায়তৰ অন্তৰ্গত বেলশিৰি ৰেল ষ্টেচনৰ সমীপৱৰ্তী বড়োমাধ্যমৰ বিদ্যালয় ১নং শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত কালি নিশা গভাইত চোৰে চুৰিকাণ্ড সংঘটিত কৰি বিদ্যালয়খনলৈ চৰকাৰে দিয়া টেবলেট লেপটপ, পানী মটৰ এটা, বহু মূল্যৱান সা-সামগ্ৰী, ফাইল পত্ৰ আদি লৈ যায়৷ দুদ্ধৰ্ষ চোৰে লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ কোঠাত থকা গডৰেজৰ তলা ভাঙি সকলো গুৰুত্বপূৰ্ণ নথি পত্ৰ উলিয়াই লণ্ডভণ্ড কৰাৰ লগতে প্ৰধান শিক্ষকৰ টেবুল,ট্ৰাংক আদিত থকা গুৰুত্বপূৰ্ণ ফাইল ,নথি পত্ৰ লণ্ডভণ্ড কৰি থৈ যায় বুলি জনায় বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুমুদ বড়োৱে৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত বেলশিৰি আৰক্ষী চকীত অৱগত কৰা হৈছে বুলি জনাইছে প্ৰধান শিক্ষকগৰাকীয়ে। শীঘ্ৰেই চুৰিকাণ্ডৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুমুদ বড়োৱে৷ ঘটনাস্থলীত এবছুৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উপ সভাপতি কনক বড়োৰ নেতৃত্বত এবছুৰ এটা দল উপস্থিত হৈ ঘটনাৰ বুজ লৈছে৷ এবছুৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়েও গভাইত চোৰক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like