নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা টিপলাইৰ সমীপৰ চিতলমাৰী বনগাঁৱৰ ভূ-আলেখ্য বিভাগৰ কৰ্মচাৰী সুশীল কলিতাৰ গৃহত কালি নিশা সংঘটিত লোমহৰ্ষক ডকাইতি কাৰ্যই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি, ৰংজুলি ৰাজহ চক্ৰত ভূ-আলেখ্য বিভাগৰ লাট মণ্ডল হিচাপে কৰ্মৰত সুশীল কলিতাৰ গৃহত নিশা প্ৰায় ২ বজাত পাঁচজনীয়া ডকাইতৰ দল এটাই ঘৰৰ লোৰ গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থ সুশীল কলিতা আৰু পত্নীক মুখত কাপোৰেৰে বন্ধাৰ লগতে হাত-ভৰি বান্ধি টকা আৰু সোণৰ আ-অলংকাৰবোৰ উলিয়াই দিবলৈ কয়। প্ৰথম অৱস্থাত টকা আৰু সোণৰ আ-অলংকাৰবোৰ উলিয়াই দিবলৈ অমান্তি হোৱাত ডকাইতৰ দলটোৱে সুশীল কলিতাৰ হাত এখন ভাঙি দিয়াৰ লগতে ঘৈণীয়েকৰ মূৰত হাতুৰীৰে প্ৰহাৰ কৰাত উপায়হীন হৈ আলমিৰাৰ চাবি উলিয়াই দিয়াত নগদ টকা প্ৰায় এক লাখ পয়ষষ্ঠি হাজাৰ আৰু প্ৰায় পোন্ধৰ টোলা সোণৰ আ-অলংকাৰ লুট কৰি লৈ যায়।
নিশাই ধূপধৰা আৰক্ষীক খবৰ দিয়াত ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাও গয়াৰী, দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লগতে ফৰেনছিক বিষয়া উপস্থিত হৈ হাতৰ চাপ সংগ্ৰহ কৰাৰ লগতে বিভিন্নজনক সোধা-পোছা অব্যাহত ৰাখিছে।
আনহাতে, গুৰুতৰভাৱে আহত হোৱা সুশীল কলিতাৰ এখন হাত ভাঙি দিয়াৰ লগতে তেওঁৰ পত্নীক মূৰত লোৰে আক্ৰমণ কৰাৰ ফলত সাতটা চিলাই কৰিব লগা হয়। আৰক্ষীৰ সোধা-পোছাৰ পিছত দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
প্ৰেৰক জ্যোতিষ নাথ