স্পনছৰ অবিহনেই এছিয়া কাপ খেলিব টীম ইণ্ডিয়াই
টীম ইণ্ডিয়াৰ জাৰ্ছীত স্পনছৰ-ৰ বাবে আগ্ৰহী টয়োটা-ফিনটেক ষ্টাৰ্ট আপ
ফেণ্টাছী স্প’ৰ্টছ কোম্পানী Dream-11এ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)-ৰ সৈতে নিজৰ চুক্তি সমাপ্ত কৰিছে। দেশত নতুন অনলাইন গেমিং প্ৰম’শ্যন এণ্ড ৰেগুলেশ্যন বিল ২০২৫ বলৱৎ হোৱাৰ পিছত ৰিয়েল মানি গেমিং প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ হৈছে। এই কাৰণে Dream-11-এ পিছুৱাই যোৱাৰ সিদ্ধান্ত লৈছে। এতিয়া প্ৰশ্ন হৈছে, আগন্তুক এছিয়া কাপৰ পূৰ্বে টীম ইণ্ডিয়াৰ জাৰ্চিত নতুন স্পনছৰ কোন হ’ব?
Dream-11-এ ২০২৩ৰ পৰা ২০২৬ চনলৈ বিচিচিআইৰ সৈতে ৩৫৮ কোটি টকাৰ চুক্তি কৰিছিল। আই পি এল আৰু টীম ইণ্ডিয়াৰ স্পনছৰশ্বিপ একেলগে গণনা কৰিলে, Dream-11 আৰু My11circle-এ একেলগে প্ৰায় ১০০০ কোটি টকাৰ অৱদান আগবঢ়াইছিল। কিন্তু নতুন অনলাইন গেমিং বিলৰ ফলত বিচিচিআইয়ে এই কোম্পানীসমূহৰ সৈতে চুক্তি সমাপ্ত কৰিছে। এতিয়া বিচিচিআই Dream-11ৰ পৰিবৰ্তে নতুন স্পনছৰৰ সন্ধানত লাগিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি মতে, ২৮ আগষ্টত বিচিচিআইৰ এপেক্স কাউঞ্চিলৰ জৰুৰীকালীন বৈঠক অনুষ্ঠিত হৈছিল, য’ত কাৰ্যকৰী সভাপতি ৰাজীৱ শুক্লাৰ নেতৃত্বত সম্ভাৱ্য নতুন স্পনছৰৰ বিষয়ে আলোচনা হৈছিল। কিন্তু বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে টুৰ্ণামেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে ইমান কম সময়ত কোনো চুক্তি চূড়ান্ত কৰাটো সম্ভৱ নহয়।
জাপানৰ অটোমোবাইল কোম্পানী টয়োটা আৰু এটা ফিনটেক ষ্টাৰ্ট-আপে ভাৰতীয় দলৰ জাৰ্চিৰ স্পনছৰশ্বিপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু এতিয়ালৈকে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই।
বিচিচিআই এই বিষয়টোক এটা দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চাইছে। এছিয়া কাপৰ বাবে দৌৰাদৌৰি কৰি কোনো সৰু চুক্তিৰ পৰিৱৰ্তে ব’ৰ্ডে এনে এটা দীৰ্ঘম্যাদী চুক্তি কৰিব বিচাৰে যি ২০২৭ৰ এদিনীয়া বিশ্বকাপলৈকে টীম ইণ্ডিয়াৰ সৈতে থাকিব।
শেহতীয়া প্ৰতিবেদন অনুসৰি, এনে লাগিছে যে এছিয়া কাপৰ সময়ত ভাৰতীয় দল কোনো স্পনছৰৰ ল’গ’ অবিহনে জাৰ্চি পৰিধান কৰি ফিল্ডত নামিব। টীম ইণ্ডিয়াৰ জাৰ্চিত কেৱল দেশৰ নাম লিখা থাকিব পাৰে। উল্লেখ্য, এই টুৰ্ণামেণ্ট ৯ৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ইউ এ ই-ত অনুষ্ঠিত হ’ব।
Niyomiya Barta Desk, 30 August