নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থান ৰয়েলছ-ৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ ৰাহুল দ্ৰাবিড়ৰ

২০২৪ৰ টি-২০ বিশ্বকাপৰ পিছত ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল। ইয়াৰ পিছত তেওঁ আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজস্থান ৰয়েলছ দলে সামাজিক মাধ্যমৰ জৰিয়তে এটা বিবৃতি জাৰি কৰি জনাইছে যে আই পি এল ২০২৬ৰ পূৰ্বে দ্ৰাবিড়ে দলৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। ৰাহুলক দলত এটা বৃহত্তৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু এই ভাৰতীয় কিংবদন্তিয়ে তাক গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকত্বৰ সময়ত আই পি এল ২০২৫ত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন ভাল নাছিল। দলে লীগ পৰ্যায়ৰ ১৪খন খেলত মাত্ৰ ৪খনত জয়লাভ কৰিছিল আৰু পইণ্ট তালিকাত নৱম স্থানত আছিল। দ্ৰাবিড়ক দলত এটা গুৰুত্বপূৰ্ণ পদৰ প্ৰস্তাৱ দিছিল, কিন্তু তেওঁ কিছু কাৰণত তাক গ্ৰহণ কৰা নাছিল।

ৰাজস্থান ৰয়েলছে তেওঁলোকৰ আনুষ্ঠানিক বিবৃতিত লিখিছে : “ৰাজস্থান ৰয়েলছে ঘোষণা কৰিছে যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে আই পি এল ২০২৬ৰ পূৰ্বে দলৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। দ্ৰাবিড়ৰ নেতৃত্বই খেলুৱৈসকলৰ ওপৰত ভাল প্ৰভাৱ পেলাইছে আৰু দলৰ পৰিৱেশ উন্নত কৰাত অতুলনীয় অৱদান আগবঢ়াইছে। ফ্ৰেঞ্চাইজীয়ে তেওঁক এটা বৃহত্তৰ পদৰ প্ৰস্তাৱ দিছিল, কিন্তু দ্ৰাবিড়ে তাক প্ৰত্যাখ্যান কৰিছে। ৰাজস্থান ৰয়েলছ দল, ইয়াৰ খেলুৱৈ আৰু সমৰ্থকসকল দ্ৰাবিড়ৰ ৰাজস্থান ৰয়েলছৰ প্ৰতি অৱদানৰ বাবে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।”

Niyomiya Barta Desk, 30 August

You might also like