নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৰাস্তা-দলং নিৰ্মাণৰ বাবে ৮০ হাজাৰ কোটি টকা ঘোষণা

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ ৰাজ্যৰ ৰাস্তা-ঘাট, দলং নিৰ্মাণৰ বাবে ৮০ হাজাৰ কোটি টকা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। আজি যোগীঘোপাত মাল্টি লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন অনুষ্ঠানত এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীৰ এই প্ৰস্তাৱৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও এই পুঁজিৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও ৯ কিঃমিঃ দৈঘ্যৰ ধুবুৰী-ফুলবাৰী দলং, মাজুলী-নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য অতি সোনকালে আৰম্ভ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

You might also like