নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষতকৈ নাৰী শাৰীৰিকভাৱে অধিক সংবেদনশীল, আঁৰৰ ৰহস্য

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  পুৰুষ আৰু মহিলা দুটা পৃথক সত্তা। আছে শাৰীৰিক ভিন্নতাও। কিন্তু যৌনতাৰ ক্ষেত্ৰত নাৰী মনক প্ৰাধান্য দিয়াৰ প্ৰৱণতা আমাৰ দেশত তেনেই কম। এয়া পুৰুষতান্ত্ৰিকতাৰেই প্ৰভাৱ। কিন্তু শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে পুৰুষতকৈ নাৰী শাৰীৰিকভাৱে অধিক সংবেদনশীল। গতিতে স্বাভাৱিকতে নাৰীৰ পুৰুষতকৈ যৌন চাহিদা বেছি। ইয়াকে লৈ বিশেষজ্ঞসকলে বিভিন্ন ধৰণে যুক্তিও আগবঢ়াইছে।

  • চাহিদাৰ তাৰতম্য ক’ত-পুৰুষ এজনে নাৰীৰ শৰীৰৰ গঠন বিশেষকৈ স্তন বিভাজন, নিতম্বৰ প্ৰতি আকৰ্ষিত হয় তুলনামূলকভাৱে নাৰীতকৈ অধিক। নাৰীয়েও পুৰুষৰ সুঠাম শৰীৰ উপভোগ কৰি ভাল পায়। কিন্তু পুৰুষজনৰ কথা কোৱাৰ ভংগী, চাৱনি, খোজ-কাটল আদি শৰীৰৰ বাহ্যিক ৰূপৰ চাহিদাইহে নাৰীৰ মনত ঠাই পায়।
  • মহিলাৰ যৌনসুখৰ বাবে পুৰুষ নিৰ্ভৰতা কম। পুৰুষতকৈ মহিলা এই ক্ষেত্ৰখনত অধিক সক্ষম। বিশেষজ্ঞৰ মতে সেয়েহে নাৰীসমকামিতা পুৰুষসমকামিতাতকৈ অধিক হোৱা দেখিবলৈ পোৱা যায়।
  • আনহাতে নাৰী নতুনত্বৰ প্ৰতি পুৰুষৰ তুলনাত অধিক আগ্ৰহী। একঘেয়ামীৰ প্ৰতি নাৰীৰ আছে স্বাভাৱিক বিৰাগ।
  • নাৰীৰ যৌন চাহিদা পুৰুষৰ তুলনাত অধিক হ’লেও নাৰীয়ে এগৰাকী পুৰুষৰ লগতে জীৱন পূৰণ কৰিবলৈ আগ্ৰহী।
You might also like