নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত আৰএছএছপ্রধান অসমৰ সংগঠক প্রচাৰকৰে মোহন ভাগৱতৰ বৈঠক

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ   দুদিনীয়া কার্যসূচীৰে মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)প্রধান মোহন ভাগৱত৷ বিয়লিৰ ভাগত বিমানযোগে গুৱাহাটীত উপস্থিত হোৱা আৰএছএছপ্রধানগৰা মালিগাঁওস্থিত সেৱা ভাৰতী জনজাতি ছাত্রাৱাসত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ সেই বৈঠকত অখিল ভাৰতীয় ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও অখিল ভাৰতীয় অধিকাৰীৰ লগতে অসম ক্ষেত্রৰ কার্যকর্তাসকল উপস্থিত থাকে৷

এই বৈঠকত অসম ক্ষেত্রৰ বিবিধ ক্ষেত্র, সংগঠন মন্ত্রীৰ উপৰি উত্তৰ অসম প্রান্ত, দক্ষিণ অসম প্রান্ত, অৰুণাচল প্রান্ত, মণিপুৰ প্রান্ত আৰু ত্রিপুৰা প্রান্তৰ প্রান্ত প্রচাৰক, প্রান্ত কার্যবাহৰ লগতে সহঃ কার্যবাহসকলেও ভাগ লয়৷ বৈঠকখনত আৰএছএছৰ সাংগঠনিক কাম–কাজৰ বিভিন্ন বিষয় আলোচনা কৰা হয়৷

ইপিনে, আজি এক গ্রন্থ উন্মোচনী সভাত অংশগ্রহণ কৰিব মোহন ভাগৱতে৷ শ্রীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অধ্যাপক ড০ ননীগোপাল মহন্তৰ গ্রন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে তেওঁ উপস্থিত থাকিব৷ ইয়াৰ পিছতে আৰএছএছপ্রধানগৰা পোনে পোনে চেন্নাইলৈ ৰাওনা হ’ব৷

You might also like