নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৱিত্র ঈদ–উজ–জোহা

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ  সমগ্র দেশৰ লগতে আজি অসমতো উদযাপন কৰা হ’ব পৱিত্র ঈদ–উজ–জোহা৷ পৰম্পৰা অনুসৰি আজি ইছলাম ধর্মাৱলম্বী লোকসকলে আদায় কৰিব ঈদৰ পৱিত্র নামাজ৷ অৱশ্যে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰো সমূহীয়া নামাজ আদায় কৰিব নোৱাৰিব ইছলাম ধর্মাৱলম্বী লোকসকলে৷ ইয়াৰ বিপৰীতে ঘৰতে আদায় কৰিব লাগিব ঈদৰ নামাজ৷

চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এছ অ’ পি অনুসৰি মছজিদত সর্বাধিক ৫জন ব্যক্তিয়েহে আদায় কৰিব পাৰিব ঈদৰ নামাজ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে প্রদান কৰা নীতি–নির্দেশনাৰ মাজতে কাইলৈ ঈদ উদযাপন কৰিবলৈ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে ৰাজ্যৰ ইছলাম ধর্মাৱলম্বী লোকসকলে৷ অনুষ্টুপীয়াকৈ হ’লেও এই পৱিত্র উৎসৱ উদযাপনৰ বাবে বজাৰ–সমাৰ কৰিছে ইছলামধর্মী লোকসকলে৷

লক্ষণীয় যে প্রতিবছৰে ঈদৰ প্রাক্ক্ষণত সজাই–পৰাই তোলা হয় মছজিদসমূহ৷ তদুপৰি ঈদগাহ ময়দানসমূহ আটকধুনীয়া কৰি তোলা হয় ঈদৰ সময়ত৷ এইবাৰ তেনে পৰিৱেশ পৰিলক্ষিত হোৱা নাই৷ পৱিত্র ঈদ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে৷ এক শুভেচ্ছা বার্তাত ৰাজ্যপালগৰাকীয়ে এই পৱিত্র উৎসৱে সমাজত ভাতৃত্ববোধ স্থাপন কৰি শান্তিৰ পৰিৱেশ ৰচনা কৰিব বুলি আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঈদ–উজ–জোহা উপলক্ষে ৰাজ্যখনৰ ইছলাম ধর্মাৱলম্বী জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ 

এক বিবৃতিযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঈদ–উজ–জোহা হ’ল ইছলাম ধর্মাৱলম্বী জনসাধাৰণৰ এক অতি পৱিত্র উৎসৱ৷ ঈদ–উজ–জোহা উৎসৱে ত্যাগ, কৰুণা, মানৱ প্রেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে৷ ঈদ–উজ–জোহা পালনৰ জৰিয়তে জনসাধাৰণৰ মাজত ঐক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ ক’ভিড–১৯ অতিমাৰীৰ জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ–উজ–জোহা উৎসৱত এই দুঃসময়ৰ পৰা সমগ্র মানৱ জাতিক ৰক্ষা কৰাৰ হেতু প্রার্থনা কৰাৰ বাবে ইছলামধর্মী জনসাধাৰণক আহ্বান জনোৱাৰ লগতে প্রশাসনে বান্ধি দিয়া নীতি–নিয়ম সম্পূর্ণভাৱে মানি এই উৎসৱ পালনৰ বাবে মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷

পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই৷ ঈদৰ আনন্দই সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত একতা আৰু সমৃদ্ধিৰ নতুন বাট মুকলি কৰিব বুলি মন্ত্রী বৰাই আশা প্রকাশ কৰিছে৷ দলটোৰ কার্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো ইছলাম ধর্মাৱলম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like