নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত গুলীবিদ্ধ চুপাৰি মাফিয়া বাবলু

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ  আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি এইবাৰ গুলীবিদ্ধ হ’ল চুপাৰি মাফিয়া আব্দুল হান্নান আলী ওৰফে বাবলু৷ বঙাইগাঁৱৰ চাপৰাকাটাত বঙাইগাঁও থানাৰ কনিষ্টবল নাছিৰ খানৰ আগ্ণেয়াস্ত্র কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল আব্দুল হান্নানে৷ ইয়াৰ পিছতে আৰক্ষীয়ে হান্নানৰ ভৰিত গুলীয়ায় আৰু কৰায়ত্ত কৰে৷

প্রাপ্ত তথ্য অনুসৰি কিছুদিন পূর্বে ধুুবুৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল চুপাৰি মাফিয়াজনক৷ কিন্তু হান্নানৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ কেইবাখনো থানাত পূর্বে ৰুজু হৈ আছিল গোচৰ৷ ইয়াৰ বাবে আদালতৰ অনুমতি সাপেক্ষে কালি বঙাইগাঁও আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছিল আব্দুল হান্নানক৷ আজি সন্ধিয়া চুপাৰি মাফিয়াজনক লৈ চৌৰাগুৰিলৈ গৈছিল বঙাইগাঁও আৰক্ষী৷

কিছুদিন পূর্বে চৌৰাগুৰিত আৰক্ষীয়ে আব্দুল হান্নানৰ চুপাৰিৰ সাম্রাজ্যত অভিযান চলাইছিল৷ এই সন্দর্ভত তদন্তৰ বাবে হান্নানক লৈ যোৱা হৈছিল চৌৰাগুৰিলৈ৷ চৌৰাগুৰিত যাৱতীয় অভিযান সামৰি আৰক্ষীয়ে বঙাইগাঁও অভিমুখে ৰাওনা হয় আব্দুল হান্নানক লগত লৈ৷ সেই সময়তে চাপৰাকাটাত এখন ধাবাত চাহ খাবৰ বাবে কিছু সময়ত আৰক্ষীৰ বাহনখন ৰখোৱা হৈছিল৷

সেই সময়তে কনিষ্টবলজনৰ মাৰণাস্ত্র কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰে কুখ্যাত চুপাৰি মাফিয়াজনে৷ লগে লগে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে চুপাৰি মাফিয়াজনৰ ভৰিত গুলীয়ায়৷ ইয়াৰ পিছতে আব্দুল হান্নানক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷

ইপিনে এই ঘটনাত বঙাইগাঁও আৰক্ষীৰ সহকাৰী পৰিদর্শক কৃষাণু পাঠক আৰু কনিষ্টবল নাছিৰ খানো আহত হৈছে৷ পাঠক আৰু খানকো চিকিৎসাৰ বাবে ভর্তি কৰোৱা হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত৷ অৱশ্যে উন্নত চিকিৎসাৰ বাবে হান্নানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷

You might also like