নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ পূৰ্বে দিছিল ‘হেপ্পী দিৱালী’ পোষ্ট, অন্তিম যাত্ৰাত চেলিব্ৰেটীৰ ভিৰ বিচৰা নাছিল আছৰানীয়ে

সোমবাৰে পোহৰৰ উৎসৱ দীপাৱলীৰ জাকজমকতাৰ মাজতে মৃত্যুৰ মাত্ৰ কেইঘণ্টামান আগতে ‘হেপ্পী দিৱালী’ পোষ্ট কৰিছিল আছৰানীয়ে। হাস্পতালৰ পৰাই ৰংগোলীৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক দীপাৱলীৰ শুভেচ্ছা জনাইছিল প্ৰবীণ অভিনেতাগৰাকীয়ে। কোনে জানিছিল প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যু যে ইমান নিকটত ? তাৰ মাত্ৰ কেইঘণ্টামান পিছতে সোমবাৰে বিয়লি চাৰে তিনি বজাৰ আশে-পাশে হাস্পতালৰ বিছনাতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা গোবৰ্ধন আছৰানীয়ে। সন্ধিয়াৰ ভিতৰতে অভিনেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল। কিন্তু সেই খবৰ প্ৰকাশ কৰা নাছিল পৰিয়ালৰ লোকে। পঞ্চভূতত বিলীন হোৱাৰ পিছতহে আছৰানীৰ মৃত্যুৰ সংবাদ বিয়পি পৰে। পৰিয়ালৰ ফালৰ পৰা অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে কিয় প্ৰকাশ কৰা নহ’ল ?

জানিব পৰা মতে, আছৰানীয়ে নিজেই বিচৰা নাছিল যে তেওঁৰ অন্তিম যাত্ৰাত চেলিব্ৰেটীৰ ভিৰ হওক। পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰৰ খবৰ অনুসৰি, মৃত্যুৰ পূৰ্বে পত্নী মঞ্জুৰ ওচৰত বিশেষ ইচ্ছা প্ৰকাশ কৰিছিল গোবৰ্ধন আছৰানীয়ে। প্ৰবীণ অভিনেতাগৰাকীয়ে পত্নীক কৈছিল যে তেওঁ পৃথিৱীৰ পৰা নীৰৱে বিদায় ল’ব বিচাৰে। কাৰণ প্ৰবীণ অভিনেতাগৰাকীয়ে বিচাৰিছিল যে সাধাৰণ জনতাই তেওঁক এজন ‘সাধাৰণ মানুহ’ হিচাপেহে স্মৰণ কৰি ৰাখক। সেই প্ৰেক্ষাপটতে পত্নীক নিৰ্দেশ দিছিল যাতে তেওঁৰ মৃত্যুৰ পিছত তেওঁক লৈ যাতে কোনোধৰণৰ হুলস্থূলীয়া পৰিৱেশ বা মিডিয়াৰ ভিৰ নহয় অন্তিম যাত্ৰাত।

ইপিনে, আছৰানীৰ মহাপ্ৰয়াণৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সামাজিক মাধ্যম শোকবাৰ্তাৰে ভৰি পৰে। মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰীয়েও এক্স হেণ্ডেলত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টত উল্লেখ কৰিছে- ‘শ্ৰী গোবৰ্ধন আছৰানীজীৰ মৃত্যুত গভীৰভাৱে শোকাহত। এজন প্ৰতিভাৱান বিনোদনকাৰী আৰু এজন সঁচাকৈয়ে বহুমুখী শিল্পী, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্মক বিনোদনেৰে আপ্লুত কৰি আহিছিল। বিশেষকৈ, তেওঁৰ অবিস্মৰণীয় অভিনয়ৰ জৰিয়তে অগণন জীৱনত আনন্দ আৰু হাঁহি যোগাইছিল। ভাৰতীয় চলচ্চিত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি আমাৰ সমবেদনা।’

ডিজিটেল ডেস্ক, ২১ অক্টোবৰ :

You might also like