নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশ্ন কাকত ফাদিল প্ৰসংগঃ ডিব্ৰুগড় ছল্টব্ৰুক একাডেমিৰ ৫ ছাত্র সহ আঠজনক আটক

  • ছল্ট ব্ৰুকৰ সঞ্চালক,অধ্যক্ষ,উপাধ্যক্ষ সহ শিক্ষকক জেৰা! 
  • ৫০০ টকাৰ পৰা ২০০০ টকাত বিক্ৰী প্ৰশ্নকাকত! 

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ভাইৰেলক লৈ এতিয়া সমগ্ৰ ৰাজ্যত জ্বলিছে ক্ষোভৰ দাবানল। ৰাজ্যৰ চুকে-কোনে ক্ষোভৰ অগণিৰ মাজতে এই সন্দৰ্ভত ৰাজ্যৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ডিব্ৰুগড় ছল্টব্ৰুক একাডেমিৰ পা‍চঁ জন ছাত্র সহ মুঠ সাত জন ছাত্র আৰক্ষী তথা চিআইডিৰ জালত পৰাৰ ঘটনাই শৈক্ষিক তথা বৌদ্ধিক মহলত তীব্ৰ জোকাৰণিৰ স্বৃষ্টি কৰিছে। কেৱল সিমানেই নহয় ছল্ট ব্ৰুক বিদ্যালয়ৰ লগতে একাডেমিৰ সঞ্চালক,অধ্যক্ষ,উপাধ্যক্ষ সহ শিক্ষকক জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই নিজ কাৰ্যালয়লৈ তলব কৰা ঘটনাইও সকলোৰে চকু কপাঁলত তুলিছে। ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী অধ্যক্ষ ৰঞ্জিত বৰুৱা,সঞ্চালক অশ্বিনী দুৱৰা আৰু ছল্টব্ৰুক স্কুলৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈ,শান্তনু চমুৱাক ডিব্ৰুগড় আৰক্ষী অধীক্ষক কাৰ্যলয়ত সোধাপোছাৰ বাবে তলব কৰি তেওঁলোকৰ মবাইলৰ ৱাটছএপৰ লগতে অনান্য মেচেজ পৰীক্ষা কৰে।

আনহাতে ডিব্ৰুগড়ৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰ আৰু শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ-বিষয়াসকলকো থানালৈ সোধপোছৰ বাবে তলব কৰা বুলিও জানিব পৰা গৈছে।যোৱা নিশাই হোষ্টেলৰ পৰা আটক কৰা ছাত্ৰ কেইজনক জেৰা কৰাৰ পাছত বহু বিস্ফোৰক তথ্য উদ্ধাৰ হোৱা বুলি জানিবলৈ দি আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে এতিয়ালৈ ঘটনাৰ লগত জৰিত ছাত্ৰসহ মুঠ ৮ গৰাকী লোকক সোধ-পোচৰ বাবে আটক কৰা হৈছে।তেওঁ বিলাকে প্ৰশ্ন কাকত দিয়াৰ  বিনিময়ত মেট্ৰিক পৰিক্ষাৰ্থী পৰা ৫০০ টকাৰ পৰা ২০০০ টকা জি পে বা ফোন পেৰ দৰে ডিজিটেল পেইমেন্ট ব্যৱস্থাৰে টকা সংগ্ৰহ কৰিছিল আৰু কিছুমানক,যিবিলাক ঘৰৰ বা পৰিয়ালৰ আছিল,সেইসকল ধন নোলোৱাকৈয়ে প্ৰশ্ন কাকত ৱাটছ এপত দিছিল ডিব্ৰুগড়ত আটকাধীন ছাত্ৰ কেইজনে। ডিব্ৰুগড়ত আটক কৰা মুঠ ৮ জনৰ ৫ গৰাকী ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ।ইতিমধ্যেই জুভাইনিয়েল চায়েল্ড এক্টৰ অধীনত আটক কৰি চি আই ডিক গটাই দিছে বুলি সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই এই ভাষ্য প্ৰদান কৰি জিলাখনত এই ঘটনাৰ লগত জৰিত সকলোকে তদন্তৰ আওঁতালৈ অনা হব আৰু তদন্ত অব্যাহত থাকিব বুলি সদৰী কৰে। এনে পৰিপ্ৰেক্ষিত জিলাখনৰ আৰু বহু সংখ্যক অতি শ্ৰীঘেই জালত পৰাৰ  পূৰ্ণ সম্ভাৱনা আছে।আৰক্ষী অধীক্ষকে তলব কৰাৰ পাছতে উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰাৰ পাছত ছল্ট ব্ৰুক একাডেমিৰ সঞ্চালক অশ্বিনী দুৱৰাই কয় যে যি পক্ষ বা যি লোকেই জৰিত আছে,সকলোকে শাস্তি বিহিব লাগে।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ লগত একাদশ বা দ্বাদশ শ্ৰেণীৰ কি সৰ্ম্পক থাকিব পাৰে? যদিহে ছাত্ৰকেইজন দোষী,তেনেহলে আইনী ব্যৱস্থা গ্ৰহণ কৰক। আনহাতেদি আটকাধীন একাদশ শ্ৰেণীৰ ছাত্ৰ কেইজনক অহা ১৬ মাৰ্চৰ পৰা হবলগীয়া পৰীক্ষাৰ বাবে ৰেহাই দিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়। ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ৰ লগত ডিব্ৰুগড়ত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা ছাত্ৰৰ তালিকাত ছল্ট ব্ৰুক একাডেমীৰ  ৫ জনকৈ ছাত্ৰক চিআইডিয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।লগতে ছল্টব্ৰুক স্কুলৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈ সহ আন এজনকো সদৰ থানাত সোধপোছ কৰাৰ অন্তত যাবলৈ দিয়ে।

আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছল্টব্ৰুক একাডেমীয়ে জৰুৰী ভাৱে আজি এক সংবাদ মেল জৰিয়তে অধ্যক্ষ ৰঞ্জিত বৰুৱাই কয় যে যদিহে আৰক্ষীয়ে আটক কৰা ছাত্র কেইজন যদি দুখী হয় বা প্ৰশ্ন কাকত ভাইৰেল কৰাত জৰিত হয় তেন্তে উপযুক্ত শাস্তি দিয়ক।লগতে আৰক্ষীয়ে উচিত তদন্ত কৰি কেনেদৰে ছাত্র কেইজনৰ মোবাইলত উক্ত প্ৰশ্ন কাকত আহিল? উৎস কি হয়? মূল উৎস কি? এই প্ৰক্ৰিয়াৰ লগত কোন কোন জৰিত আছে,সকলো বিলাক বিষয়ত আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনায় একাডেমিৰ অধ্যক্ষ ৰঞ্জিত বৰুৱাই।আৰক্ষীয়ে বিচৰা ধৰনে সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰাৰ বিষয়ে অৱগত কৰি আৰক্ষীয়ে আটক কৰা ছাত্র কেইজন উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হোৱাৰ লগতে একাডেমীৰ দুটাকৈ ছাত্ৰ ৱাসৰ আৱাসী আছিল বুলিও সংবাদ মাধ্যমৰ আগত  অবগত কৰে একাডেমীৰ অধ্যক্ষই।আইনী প্ৰক্ৰিয়াত সকলো ধৰণৰ সহযোগ কৰাৰ কথা ব্যক্ত কৰি ছাত্র ছাত্ৰীৰ শৈক্ষিক জীৱনৰ সৈতে খেলা কৰা এনে ঘটনাৰে জড়িত সকলোকে কঠোৰ শাস্তি দিয়াৰ আহ্বান জনায়।ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী আৰু ছল্টব্ৰুক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকলে আৰক্ষীক তদন্তৰ ক্ষেত্ৰত সকলো ধৰনৰ সম্পূৰ্ণ সহযোগিতা কৰিব বুলি সদৰী কৰি আজি আৰক্ষী অধীক্ষকে সকলোকে মাতি পঠোৱাত যথাসময়ত উপস্থিত হোৱা বুলিও উল্লেখ কৰে। কয়।এতিয়া সমগ্ৰ বিষয়টো অতি স্পৰ্শকাতৰ হৈ পৰাত আজি ডিব্ৰুগড়ত এক অনন্য পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

 

You might also like