নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী হাইক’ৰ্টৰ নতুন মুখ্য ন্যায়াধীশ সন্দীপ মেহতা

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ চাৰিখন উচ্চ ন্যায়ালয়ত নিযুক্তি দিছে মুখ্য ন্যায়াধীশ৷ কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজুৱে ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰিছে এই তথ্য৷ আইনমন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ছোনিয়া গিৰিধৰ গোকানিক ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ যোৱা শুকুৰবাৰে গোকানিক ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল৷ লক্ষণীয়ভাৱে গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰবিন্দ কুমাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পাছতে এই পদটো খালী হৈছিল৷ ইফালে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত সিঙক ত্রিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে কেন্দ্রীয় চৰকাৰে৷ ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন ক’টিশ্বৰ সিঙক জম্মু–কাশ্মীৰ তথা লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে কেন্দ্রীয় চৰকাৰে৷ আজিৰে পৰা এই মুখ্য ন্যায়াধীশকেইগৰাকীক নিযুক্তি দিয়া বুলি মন্ত্রী ৰিজিজুৱে ঘোষণা কৰিছে৷

You might also like