নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণনাশী ভূমিকম্প : তুৰস্ক–ছিৰিয়াৰ ধ্বংসস্তূপত ২৮ হাজাৰৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰীঃ ভূমিকম্পই মৃত্যুপুৰীত পৰিণত কৰা দক্ষিণ তুৰস্ক আৰু ছিৰিয়াত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২৮ হাজাৰ অতিক্রম কৰিছে৷ এতিয়াও ধ্বংসস্তূপৰ তলত কেইবাহাজাৰো লোকৰ মৃতদেহ আবদ্ধ হৈ থকা বুলি আশংকা কৰিছে উদ্ধাৰকাৰীৰ দলে৷ স্মর্তব্য যে প্রচণ্ড শীতপ্রৱাহৰ বাবে সঘনে বিঘ্নিত হৈছে উদ্ধাৰকার্য৷ তথাপি কেইবাখনো দেশৰ উদ্ধাৰকাৰীৰ দলে এই অভিযান অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে এই ধ্বংসস্তূপৰ তলত হাজাৰ হাজাৰ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ অলৌকিকভাৱে কেইবাটাও শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন দেশৰ উদ্ধাৰকাৰীয়ে৷ এই ভূমিকম্পত অকল তুৰস্কত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২৪,৬১৭লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ছিৰিয়াত মৃত্যু হৈছে ৩,৫৭৪জনৰ৷ শেহতীয়াকৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোলৈ লক্ষ্য কৰি ৰাষ্ট্রসংঘই আশংকা কৰিছে যে এই ভয়াৱহ প্রাকৃতিক দুর্যোগত মৃত্যু হোৱা লোকৰ সংখ্যাই ৫০ হাজাৰ অতিক্রম কৰিব পাৰে৷ ধ্বংসস্তূপৰ তলত এতিয়াও কেইবাহাজাৰো লোক আবদ্ধ হৈ থকা বুলি বিশ্বৰ সর্বোচ্চ সংস্থাটোৱে আশংকা প্রকাশ কৰিছে৷ ৰাষ্ট্রসংঘৰ সাহায্য আৰু পুনৰ সংস্থাপন শাখাৰ মুৰব্বী মার্টিন গ্রিফিটছে তুৰস্কত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে৷ তুৰস্কত এই প্রাকৃতিক দুর্যোগে মৃত্যু মিছিলৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে গ্রিফিটছে৷ আনকি ৰাষ্ট্রসংঘৰ বিষয়ববীয়াগৰাকীয়ে এই আশংকাও প্রকাশ কৰিছে যে নিহত লোকৰ সংখ্যা কিমান হ’ব, তাক এতিয়াও ঠাৱৰ কৰিব নোৱাৰি৷ বিষয়ববীয়াগৰাকীৰ মতে এই সংখ্যাই ৫০ হাজাৰো অতিক্রম কৰিব পাৰে৷ লক্ষণীয়ভাৱে বহু মহলীয়া প্রাসাদবোৰৰ ধ্বংসস্তূপৰে একেবাৰে তললৈ এতিয়াও উদ্ধাৰ অভিযান চলোৱাটো সম্ভৱ হোৱা নাই৷ অর্থাৎ উদ্ধাৰ অভিযান সম্পূর্ণ হ’বলৈও লাগিব কেইবাসপ্তাহো৷ তেতিয়ালৈ এই দুর্যোগত প্রাণ হেৰুওৱা লোকৰ সংখ্যা কিমান হ’ব পাৰে, তাক এতিয়াও ঠাৱৰ কৰাটো সম্ভৱ নহয়৷ উল্লেখনীয় যে যুদ্ধকালীন তৎপৰতাৰে তুৰস্কত ১০ সহস্রাধিক কর্মীয়ে উদ্ধাৰ অভিযান চলাই আছে৷ ধ্বংসস্তূপৰ প্রাণৰ সন্ধান পালেই তালৈ দৌৰি গৈছে উদ্ধাৰকাৰীৰ দল৷ এনেদৰে এতিয়ালৈকে কেইবাটাও শিশুক আশ্চর্যজনকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন দেশৰ উদ্ধাৰকাৰী দল৷

You might also like