নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক টি–২০ মেচক লৈ উখল–মাখল গুৱাহাটীঃ আজি মুখামুখি হ’ব ভাৰত–দক্ষিণ আফ্রিকা

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: শাৰদীয় দুর্গোৎসৱৰ উৎসাহ–উদ্দীপনাৰ মাজতে ক্রিকেট জ্বৰত আক্রান্ত হৈছে অসমবাসী৷ টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজত চলিত টি–২০ শৃংখলাৰ দ্বিতীয় তথা গুৰুত্বপূর্ণ মেচখন আজি গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ কালি ষষ্ঠীত দেৱীক প্রতিষ্ঠাৰ পাছতে আজি আৰম্ভ হ’ব মহাসপ্তমীৰ পূজা৷ ইয়াৰ মাজতে গুৱাহাটীকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ অসংখ্য ক্রিকেট অনুৰাগীয়ে তেওঁলোকৰ প্রিয় তাৰকাসকলৰ মহাৰণ প্রত্যক্ষ কৰিবলৈ সাজু হৈছে৷

বিগত কিছুদিন ধৰি মেচখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে এক উখল–মাখল পৰিৱেশৰ৷ এখন ৰোমাঞ্চকৰ মেচ উপভোগৰ বাবে সাজু হৈছে অনুৰাগীসকল৷ তিনিখনীয়া টি–২০ শৃংখলাটোৰ আজিৰ মেচখন অতিশয় গুৰুত্বপূর্ণ হ’ব৷ ইতিমধ্যে ১–০ ব্যৱধানত অগ্রগতি লাভ কৰা ঘৰুৱা দল টীম ইণ্ডিয়াই আজিৰ মেচত জয়লাভ কৰিব পাৰিলে গুৱাহাটীতে শৃংখলা হস্তগত কৰাৰ গৌৰৱ অর্জন কৰিব৷

ইয়াৰ বিপৰীতে আলহী দলটোৰ বাবেও মেচখন একপ্রকাৰ মৰণপণ যুঁজ হ’ব৷ আজি তেওঁলোকে জয়লাভ কৰি শৃংখলাত বর্তি থকাৰ আশা সজীৱ কৰি ৰাখিব বিচাৰিব৷ সেই বাবে মেচখনক লৈ দুয়োটা দলৰ লগতে অনুৰাগীসকলৰো ব্যাপক উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ প্রায় আঢ়ৈ বছৰৰ মূৰত অনুষ্ঠিত হ’ব লগা আন্তর্জাতিক টি–২০ মেচখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আয়োজক অসম ক্রিকেট সন্থা (এচিএ)ই প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

You might also like