নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত আৰক্ষীৰ এনকাউন্টাৰ ! নিহত দুই উগ্ৰপন্থী সদস্য

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কোকৰাঝাৰত আৰক্ষীৰ এনকাউন্টাৰ। পুৱতি নিশা কোকৰাঝাৰৰ লাংছুঙত আৰক্ষীৰ এনকাউন্টাৰত নিহত দুই উগ্ৰপন্থী সদস্য।

নিহত সদস্য দুজন নৱগঠিত উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেছন অফ বড়োলেণ্ডৰ সদস্য বুলি সন্দেহ কৰা হৈছে।

নিহত উগ্ৰপন্থী সদস্য দুজন হৈছে জেমছাৰ মুছাহাৰী আৰু কুমাৰ ব্ৰহ্ম।

ইপিনে উগ্ৰপন্থী দুজনৰ পৰা দুটা পিষ্টল আৰু ৮ টা গ্ৰেনেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে কোকৰাঝাৰৰ লাংছুঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰিছিল এই দুই উগ্ৰপন্থীয়ে। পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই এনকাউন্টাৰ কৰে দুই উগ্ৰপন্থীক। সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম হাস্পতালত ৰখা হৈছে উগ্ৰপন্থী দুজনৰ মৃতদেহ।

You might also like