নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনৰ দৃঢ়তা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰিব পাৰি: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

  • নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে পাঁচগৰাকী বিশেষ ব্যক্তিক কেয়াৰ লুইত ট্ৰাষ্টৰ ‘ছনচ অৱ দ্য ছইল’ বঁটা প্ৰদান।
  •  বিশিষ্ট চিকিৎসক ডাঃ পুনিৰাম পাটৰলৈ আগবঢ়োৱা হৈছে কিশোৰী মোহন দাস স্মাৰক সামাজিক খণ্ড উন্নয়ন বঁটা

নিয়মীয়া বাৰ্তা, ২৫ মার্চঃ উদ্যমিতা, সংবাদ মাধ্যম, ব্যক্তিগত/ৰাজহুৱা পেছাদাৰী, ক্রীড়া, কলা আৰু সংস্কৃতি- এই ৫টা শাখাত উৎকৃষ্টতাৰ স্বীকৃতিস্বৰূপে কেয়াৰ লুইত ট্ৰাষ্টে চনছ অৱ দা ছইল বঁটা প্ৰদান কৰে । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ২০২২ বৰ্ষৰ ‘ছন অৱ দ্য ছইল বঁটা’ প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে। ২০২২ বৰ্ষৰ বঁটাপ্ৰাপ্তসকল হৈছে- কলা আৰু সংস্কৃতিৰ বাবে বন্দিতা বৰুৱা, ক্ৰীড়াৰ বাবে উদিত গগৈ, উদ্যমিতাৰ বাবে দিগন্ত শ‍ইকীয়া আৰু বৰদান শ‍ইকীয়া, পেছাদাৰী শাখাত মানবেন্দ্ৰ চহৰীয়া আৰু মিডিয়া শাখাত মিতালী কোঁৱৰ। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে এই পাঁচোগৰাকী ব্যক্তিক আজি ‘ছন অৱ দ্য ছইল’ বঁটাৰে সন্মানিত কৰে। অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, উদ্যমী মেঘালী বৰা, ফুটবল প্রশিক্ষক প্রদীপ কুমাৰ ব্ৰহ্ম, পৰিৱেশ সংৰক্ষণবিদ ডঃহিল্লোলজ্যোতি সিংহ আৰু জ্যেষ্ঠ সাংবাদিক প্রবীৰ কুমাৰ চক্ৰৱৰ্তীকো তেখেতসকলৰ অনৱদ্য অৱদানৰ বাবে সন্মানিত কৰা হ’য়।কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি তিৱা সম্প্ৰদায়ৰ প্ৰথমগৰাকী চিকিৎসক ডাঃ পুনিৰাম পাটৰক কিশোৰী মোহন দাস স্মাৰক সামাজিক খণ্ড উন্নয়ন বঁটা প্ৰদান কৰে। তিনি দশকৰো অধিক সময় ধৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত ডাঃ পাটৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰি আৰু বানপানীৰদ্বাৰা ক্ষতিগ্রস্ত লোকসকলক চিকিৎসা সহায় আগবঢ়োৱাৰ জৰিয়তে সমাজসেৱা অব্যাহত ৰাখিছে।
কেয়াৰ লুইটৰ মূল কাৰ্যসূচীগত ক্ষেত্ৰবোৰ হৈছে শিক্ষা, সামূহিক স্বাস্থ্য আৰু পৰিচ্ছন্নতা, মহিলাৰ সশক্তিকৰণ, উদ্যমিতাৰ বিকাশ, যুৱ সবলীকৰণ, সামাজিক বিকাশ, কৃষি আৰু বৈকল্পিক জীৱিকা, সমন্বিত গ্রাম্য বিকাশ, জনজাতীয় বিকাশ, প্রাকৃতিক সম্পদ ব্যৱস্থাপনা আদি।অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “আজি বঁটাপ্ৰাপ্ত ব্যক্তিসকলে সমাজলৈ আগবঢ়োৱা অৱদানে জাতীয় জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। এইসকল অনুকৰণীয় ব্যক্তিত্বৰ সৈতে আজি উপস্থিত থাকি আৰু তেখেতসকলক বঁটা প্ৰদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। সামাজিক- সাংস্কৃতিক আৰু বিভিন্ন ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ জৰিয়তে অসমৰ যুৱপ্ৰজন্মক উদগনি যোগোৱাৰ বাবে কেয়াৰ লুইতে লোৱা প্ৰচেষ্টা শলাগনীয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ দৃঢ় লক্ষ্য স্থিৰ কৰিছে। এই দুৰন্ত যাত্ৰাত আমি সকলোৱে মিলি অগ্রণী ভূমিকা পালন কৰিব লাগিব আৰু নতুন কর্মোদ্যমেৰে আগুৱাই যাব লাগিব। এই দিশত দৃষ্টান্ত দাঙি ধৰি আজিৰ বঁটাপ্ৰাপকসকলে যুৱপ্ৰজন্মক যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু সফলতাৰ ন-কাহিনী ৰচনা কৰিছে। মনৰ দৃঢ়তা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যে সফলতা লাভ কৰিব পাৰি, সেয়া তেওঁলোকে কামৰ মাজেৰে ফুটাই তুলিছে। নিজ নিজ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় অৱদানে অসমৰ জাতীয় জীৱনক উদ্বুদ্ধ কৰিছে। এখন আত্মনিৰ্ভৰশীল ভাৰত তথা অসম গঢ়াৰ দিশত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা, সফলতাৰ কাহিনী আৰু অদম্য কৰ্মস্পৃহা সকলোৰে বাবে প্ৰেৰণাৰ উৎস।” বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, অসম পৰ্কেযটন উন্নয়ন নিগম ৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা সহ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আনহাতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান টোত মিছ ডিভা ইউনিভাৰ্ছ ডিভিটা ৰায় উপস্থিত বিশেষ ভাৱে উপস্থিত থাকে। অনুষ্ঠান টোতে বিহু, গুমৰাগ নৃত্য কৰে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like