নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে সস্তীয়া ৰাজনীতিৰে সংখ্যালঘুক ভীতিগ্রস্ত কৰি তুলিছে

পাঁচখনকৈ জনসভাত মুখ্যমন্ত্রী সোণোৱালৰ নির্বাচনী প্রচাৰ

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ ৰাজ্যত তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ শাসক–বিৰোধী উভয় শিবিৰে অহা ৬ এপ্রিলত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া ৪০টা সমষ্টিত অব্যাহত ৰাখিছে মাৰাথন প্রচাৰ অভিযান৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে দিনটোত ৫খনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰে৷ বৰপেটাত মিত্রজোঁটৰ প্রার্থী গুণীন্দ্র নাথ দাস, পূব গোৱালপাৰাত জ্যোতিষ দাস, বকোত জ্যোতিপ্রসাদ দাস, ছয়গাঁৱত ডাঃ কমলা কলিতা আৰু পশ্চিম গুৱাহাটীৰ তেতেলীয়াত ৰমেন্দ্র নাৰায়ণ কলিতাৰ হৈ প্রচাৰ চলায় মুখ্যমন্ত্রী সোণোৱালে৷ লক্ষণীয়ভাৱে এই পাঁচজন প্রার্থীয়েই মিত্রজোঁটৰ অংশীদাৰ অগপৰ৷

বৰপেটা সমষ্টিৰ অন্তর্গত পালহাজিস্থিত আজাদ মহাবিদ্যালয় খেলপথাৰ, পূব গোৱালপাৰা সমষ্টিৰ সুতাৰপাৰা, বকো বিধানসভা সমষ্টিৰ সোণতলী, ছয়গাঁও বিধানসভা সমষ্টিৰ বনগাঁও আৰু পশ্চিম গুৱাহাটী সমষ্টিত আয়োজিত বিশাল নির্বাচনী সমাৱেশকেইখনত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কংগ্রেছক চোকা ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে বিজেপি নেতৃত্বাধীন বর্তমানৰ মিত্রজোঁট চৰকাৰখনে শাসনভাৰ লোৱাৰে পৰা ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠী, ভাষা–ভাষী আৰু ধর্মাৱলম্বী লোকক সমমর্যাদা তথা সম–ধিকাৰ প্রদানেৰে সম–উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰি আহিছে৷ হিন্দু, মুছলমান, খ্রীষ্টান, জৈন, বৌদ্ধ সকলো ধর্মাৱলম্বী লোকক সমানে সুৰক্ষা প্রদান কৰিছে৷ আঁচনি ৰূপায়ণৰ ক্ষেত্রত চৰকাৰখনে জাতি–ধর্মৰ নামত কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্রহণ কৰা নাই৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সার্বজনীন নীতি ‘সবকা সাথ–সবকা বিকাশ–সবকা বিশ্বাস’ সাৰোগত কৰি চৰকাৰখন প্রতিটো জাতি–জনগোষ্ঠীৰ কল্যাণৰ হকে কাম কৰাৰ বাবে আজি সকলোৰে উন্নতি হৈছে৷ যি প্রতিশ্রুতিৰে চৰকাৰখনে শাসনভাৰ গ্রহণ কৰিছিল, সেই প্রতিশ্রুতি আখৰে আখৰে পালন কৰিবলৈ সক্ষম হৈছে৷ বিজেপি নেতৃত্বাধীন বর্তমানৰ মিত্রজোঁটৰ চৰকাৰখনে সমন্বয় আৰু ভাতৃত্ববোধক বিশ্বাস কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰখনে অসমক শক্তিশালী কৰাৰ সংকল্প গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী হিচাপে ধর্মীয় সংখ্যালঘুসকলৰ সৈতে আলাপ–আলোচনা কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে নিষ্ঠাৰে প্রয়াস চলাই থকা হৈছে৷ বিজেপিয়ে বৈষম্য নীতিক ঘৃণা কৰাৰ বিপৰীতে সমন্বয়ৰ নীতিক শ্রদ্ধা কৰে৷ বিজেপিৰ শাসনকালত ধর্মীয় সংখ্যালঘুসকল সদায় সুৰক্ষিত হৈ থাকিব৷ কংগ্রেছে সস্তীয়া ৰাজনীতিৰে সংখ্যালঘুসকলক ভীতিগ্রস্ত কৰে বুলি তেওঁ অভিযোগ উত্থাপন কৰে৷ এই প্রসংগতে মুখ্যমন্ত্রী সোণোৱালে কয় যে বিজেপিৰ শাসনকালত চৌদিশে সমন্বয় আৰু উন্নয়নৰ এক সুস্থ বাতাৱৰণ সৃষ্টি হৈছে৷ কংগ্রেছৰ দিনত সংঘাত সৃষ্টি হৈছিল৷ কিন্তু বিজেপিৰ দিনত সমন্বয়ৰ বাতাৱৰণ সুদৃঢ় হ’ল৷ বিজেপিৰ শাসনকালত সকলোৰে ৰাজনৈতিক সুৰক্ষা সুনিশ্চিত হৈ থকাৰো তেওঁ প্রতিশ্রুতি প্রদান কৰে৷

কংগ্রেছক পুনৰ আক্রমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্রী সোণোৱালে কয় যে কংগ্রেছৰ শাসনকালত নামনি অসম সকলো ক্ষেত্রতে বঞ্চিত হৈ আছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰে শাসনভাৰ লোৱাৰে পৰা নামনি অসমৰ উন্নয়নে বিশেষ গতি লাভ কৰিছে৷ চৰকাৰখনে নামনি অসমৰ বিভিন্ন জিলাত গুৰুত্বপূর্ণ প্রতিষ্ঠান স্থাপন কৰাৰ উপৰি ৰাস্তা–ঘাটকে ধৰি আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিষ্ঠাৰে প্রয়াস চলাই আহিছে৷ যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পার্ক, ধুবুৰী চিকিৎসা মহাবিদ্যালয়, এছিয়াৰ আটাইতকৈ দীর্ঘতম ধুবুৰী–ফুলবাৰী দলং নির্মাণৰ কাম আদিৰ বিষয়ে তেওঁ এই প্রসংগত উল্লেখ কৰে৷

মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে চৰকাৰখনে ধর্মীয় সংখ্যালঘু অঞ্চলত কন্যা মহাবিদ্যালয় স্থাপনৰ দৰে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে, যাতে ধর্মীয় সংখ্যালঘুসকলৰ কন্যাসকলে উচ্চ শিক্ষা লাভেৰে আগবাঢ়ি যাব পাৰে৷ সংখ্যালঘু অধ্যুষিত অঞ্চলত ২১খনকৈ আৱাসিক বিদ্যালয় স্থাপনৰ দৰে যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে৷ চৰাঞ্চলত মাটিৰ জৰীপকার্য চলোৱা হৈছে, যাতে আগন্তুক দিনত এই অঞ্চলত বসবাস কৰা ভাৰতীয় নাগৰিকক মাটিৰ পট্টা প্রদান কৰিব পৰা যায়৷ হিন্দুৱেই হওক বা মুছলমানেই হওক, সকলো ভূমিহীন ভাৰতীয় নাগৰিকক মাটিৰ পট্টা প্রদানৰ বাবে চৰকাৰখনে শক্তিশালী সিদ্ধান্ত গ্রহণ কৰিছে৷ কংগ্রেছৰ শাসনকালত ধর্মৰ নামত, ভাষাৰ নামত, গোষ্ঠীৰ নামত সংঘাত সৃষ্টি কৰি সমাজ জীৱন কলুষিত কৰা হৈছিল৷ কংগ্রেছে নিকৃষ্ট বিভাজন নীতিৰ দ্বাৰা ধর্মীয় সংখ্যালঘুসকলৰ ওপৰত নানা ধৰণৰ অন্যায়–উৎপীড়ন কৰিছিল৷ এই আটাইকেইখন নির্বাচনী সমাৱেশতে মুখ্যমন্ত্রী সোণোৱালক সংগ দিয়ে অগপ সভাপতি আৰু কার্যকৰী সভাপতি তথা মন্ত্রী ক্রমে অতুল বৰা আৰু কেশৱ মহন্তই৷ অগপৰ দুয়োজন শীর্ষ নেতায়ো নিজ নিজ ভাষণত তীক্ষ্ণ সমালোচনা কৰে কংগ্রেছক৷

You might also like