নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিণ্ডিকেটৰাজঃ গুৱাহাটীত প্রতিকিলো ব্রইলাৰ ২৮০ টকাত বিক্রী

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্রইলাৰ মাংসৰ দাম৷ বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিকিলো গোটা ব্রইলাৰ ১৮০ টকা আৰু কটা ব্রইলাৰ মাংস ২৮০ টকাকৈ বিক্রী কৰিছে ব্যৱসায়ীসকলে৷ নির্বাচনী বতৰৰ মাজতে অস্বাভাৱিক হাৰত ব্রইলাৰৰ মূল্যবৃদ্ধিৰ আঁৰত এটা শক্তিশালী ছিণ্ডিকেট চক্র জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

ব্রার্ড ফ্লু’ৰ গইনা লৈ ৰাজ্য চৰকাৰে ব্রইলাৰৰ আমদানিত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ইয়াৰে সুযোগ লৈ এটা ছিণ্ডিকেট চক্রই পশ্চিমবংগৰ পৰা শ্রীৰামপুৰ গেটেৰে মহেন্দ্র পিকআপ আৰু টাটা ডিআই গাড়ীৰে চোৰাংকৈ ব্রইলাৰ সৰবৰাহ কৰি আহিছে৷

অসম আৰক্ষীৰ শীর্ষ বিষয়া আৰু একাংশ শক্তিশালী ৰাজনৈতিক নেতাক মেনেজ কৰি ছিণ্ডিকেট চক্রটোৱে প্রতিদিনে ২৫০খনৰো অধিক গাড়ীৰে চোৰাংকৈ ব্রইলাৰ সৰবৰাহ কৰি আহিছে৷ ছিণ্ডিকেট চক্রটোৱে প্রতিখন গাড়ী পাৰ কৰাৰ নামত ২৪ হাজাৰকৈ টকা সংগ্রহ কৰি আহিছে৷

শীর্ষ আৰক্ষী বিষয়াক মেনেজ কৰি শ্রীৰামপুৰ গেটেৰে হাফিজুল ইছলাম বাহিনীয়ে ব্রইলাৰৰ ছিণ্ডিকেট চলাই অহাৰ ফলতেই ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্রইলাৰ মাংসৰ দাম৷ শ্রীৰামপুৰ গেটত ছিণ্ডিকেট চলোৱা হাফিজুলৰ গুণ্ডা বাহিনীক নিয়ন্ত্রণ কৰিব নোৱাৰালৈকে ৰাজ্যত ব্রইলাৰৰ দাম নিয়ন্ত্রিত নহয় বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে৷ হাফিজুলৰ নেতৃত্বত চলা ব্রইলাৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে আৰক্ষী প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like