নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত ডিভাইডাৰত প্ৰচণ্ড খুন্দা  স্কৰপিঅ’ৰ

নিয়মীয়া বাৰ্তা, ২ জুন : লখিমপুৰৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াৰ ডিভাইডাৰটো এতিয়া হৈ পৰিছে দুৰ্ঘটনাৰ কেন্দ্ৰবিন্দু। সচেতন ৰাইজৰ মতে কোনোধৰণৰ সুপৰিকল্পনা নোহোৱাকৈ পৰিৱৰ্তন আনিবলৈ গৈ মৃত্যুদূতক নিমন্ত্ৰণ জনোৱা হ’ল নাৰায়ণপুৰলৈ ৷ ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰ নিৰ্মাণ কৰি নাৰায়ণপুৰ নগৰক নতুন ৰূপ দিয়া হ’ল ঠিকেই, কিন্তু এতিয়া সেই ডিভাইডাৰত খুন্দিয়াইছে ইখনৰ পাচত সিখন বাহনে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাৰায়ণপুৰ নগৰত বিগত সাহিত্য সভাৰ অধিৱেশনৰ সময়ত খৰখেদাকৈ নিৰ্মাণ কৰা হ’ল ডিভাইডাৰটো ৷ ট্ৰেফিক পইণ্টৰ দুই বিপৰীত দিশত নিৰ্মাণ কৰা ডিভাইডাৰ দুটা এতিয়া দুৰ্ঘটনাৰ অন্যতম কাৰক হৈ পৰিছে ৷ বিজ্ঞানসন্মতভাৱে কোনোধৰণৰ ৰিফ্লেক্টৰৰ ব্যৱস্থা নকৰাৰ ফলত নিশা অথবা পুৱতি নিশা হঠাতে ডিভাইডাৰৰ সন্মুখীন হোৱাত বহু বাহন দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ আজি  পুৱাও এক দুৰ্ঘটনা সংঘটিত হয় সেই স্থানত। তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী AR 02 3383 নম্বৰৰ এখন স্কৰপিঅ’ বাহনে মহটিয়াই নিয়ে ডিভাইডাৰটোৰ এটা অংশ ৷ দুগৰাকী যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হয় যদিও বাহনখনৰ যথেষ্ট পৰিমাণে ক্ষতি হয়। পৰৱৰ্তী সময়ত বাহনখন নাৰায়ণপুৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।
প্ৰেৰক চন্দন শইকীয়া
You might also like