নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হংকঙলৈ অসম-জীয়ৰী উমা চেত্ৰী

🏏 ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ

বিশেষ বাৰ্তা, ২ জুনঃ অসমজীয়ৰী উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। ১৩ জুনত হংকঙত অনুষ্ঠিত হ’বলগীয়া এচিচি এমাৰ্জিং মহিলা এছিয়া কাপ ২০২৩ৰ বাবে গঠিত ভাৰতীয় মহিলা ক্ৰিকেট দলটোত স্থান লাভ কৰিছে উমাই। টিন খৱং ৰোড ৰিক্ৰিয়েচন গ্ৰাউণ্ডত অনুষ্ঠিত খেলেৰে অভিযান আৰম্ভ কৰিবলগীয়া ভাৰতীয় দলটোৰ উইকেটকীপাৰ হিচাপে খেলিব উমাই। বেটিং আৰু উইকেইকীপিঙত দেখুওৱা উন্নত খেলৰ বাবে অসমজীয়ৰী উমা চেত্ৰীয়ে ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

You might also like