নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখৌৰ বুকুত সন্ধানহীনক বিচাৰি এছ ডি আৰ এফৰ অভিযান

🔷 মবাইলত আবদ্ধ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য

নিয়মীয়া বাৰ্তা, ২৭ মেঃ শিৱসাগৰৰ আমগুৰি ঘাটৰ দিখৌ নদীত দুই বন্ধুৰ সৈতে গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধানহীন হৈ পৰা আৱিদুৰ ৰহমান নামৰ ব্যক্তিজনক বিচাৰি আজি পুৱাৰে পৰা দিখৌ নদীত চলিছে জোৰদাৰ অভিযান ৷শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্দেশত দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা এছ ডি আৰ এফৰ দলে সমগ্ৰ স্থান পৰ্য্যবেক্ষণ কৰিছিল যদিও আন্ধাৰ নামি অহাৰ বাবে অভিযান চলাব পৰা নাছিল ৷ অৱশ্যে আজি পুৱাৰ ভাগত দুখনকৈ ৰাবাৰ বোটৰ সহায়ত ১০ জনীয়া ডুবাৰুৰ দলটোৱে দিখৌ নদীৰ নামনিৰ প্ৰায় পাঁচশ মিটাৰ পৰ্য্যন্ত অভিযান চলায় যদিও আৱিদুৰ ৰহমানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল ৷স্থানীয় প্ৰতক্ষ্যদৰ্শীৰ ভাষ্যৰ ভিত্তিত নিদিষ্ট অংশৰ গভীৰতাতো ডুবাৰুৰ দলটোৱে অভিযান চলাই ব্যৰ্থ হোৱাত বিয়লি পাঁচ মান বজাত দিনটোৰ বাবে অভিযান স্থগিত ৰাখে ৷ অৱশ্যে কাইলৈ পুৱাৰ পৰাও দলটোৱে দিখৌৰ বুকুত অনুৰূপ অনুসন্ধান চলাব বুলি জানিবলৈ দিয়ে ৷উল্লেখ্য যে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰহদৈ পুখুৰীৰ নিবাসী আৱিদুৰ ৰহমানে আমগুৰি ঘাটৰ পৰা বিবাহ সুত্ৰে একেখন গাৱতেই ভাৰাতীয়া হিচাবে বাস কৰি যোগালীৰ কাম কৰিছিল ৷ঘটনাৰ দিনা বিয়লী কাম সামৰি ঘৰলৈ অহা আবিদুৰক সতীৰ্থ মিস্ত্ৰী পাপু আলি আৰু কৃষ্ণ বৰগোহাইয়ে নদীৰ পাৰলৈ আৱিদুৰৰ পুত্ৰই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আনন্দত পাৰ্টী কৰিবলৈ মাতি নিছিল ৷ইয়াৰ পিছতেই নদীৰ বুকুত সন্ধানহীন হৈ পৰা আৱিদুৰক দুই সতীৰ্থ পাপু আৰু কৃষ্ণই নদীত গতিয়াই পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়াল লোকে ৷ঘটনাস্থলীৰ পৰাই উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়া ধৃত পাপুৰ মবাইলত আবদ্ধ হৈছে দুটাকৈ বিস্ফোৰক ভিডিঅ ৷যি দুটা ভিডিঅত তিনিও যুৱকে নদীৰ গৰাৰ কাষত সুৰাৰ পাটীত মিলিত হোৱাৰ লগতে হাফ পেন্ট পিন্ধি অশ্লীল ভাষাৰে নৃত্য কৰে ৷ইয়াৰ পিছতেই আৱিদুৰ নদীত নমাৰ কিছু সময়ৰ পিছত নদীত নামে পাপু ৷এই সমগ্ৰ দৃশ্য মবাইল ৰেকৰ্ডিং কৰি থাকে তৃতীয়জন বন্ধু কৃষ্ণই ৷পানীত নামি থকা আৱিদুৰক পাৰৰ পৰা পানীৰ তলে তলে ডুব মাৰি আহিব পাৰিলে পঞ্চাশ টকা দিম বুলি কৃষ্ণই কৈ থকাতো ধৰা পৰিছে ৷এনেদৰেই পাৰৰ পৰা কৃষ্ণই ৰেকৰ্ডিং কৰি থকাৰ বিপৰীতে প্ৰথমতে পানীত জাঁপ দিয়া আৱিদুৰ নদীৰ গভীৰতালৈ গুচি যায় ৷আনহাতে একেবাৰে কাষতে সাঁতুৰি থকা পাপু পাৰলৈ উঠি আহে যদিও অধিক গভীৰতালৈ গুচি যোৱা আবিদুৰ সন্ধানহীন হৈ পৰে ৷ইতিমধ্যে আৰক্ষীৰ জেৰাত ঘটনাৰ সমগ্ৰ বিৱৰণ পাপু আৰু কৃষ্ণই দাঙি ধৰাৰ লগতে মবাইলত আবদ্ধ দুৰ্ঘটনাৰ সময়ৰ সমগ্ৰ দৃশ্য আৰক্ষীয়ে পৰীক্ষা কৰি আছে ৷এই ঘটনাই দুই বন্ধুৰ উচটনিত আৱিদুৰ ৰহমান সুৰাৰ ৰাগিত মাতাল হৈ নদীত নমাৰ বাবেই সন্ধানহীন হোৱাতো স্পষ্ট হৈছে যদিও বাতৰি লিখা পৰলৈকে সন্ধানহীন আৱিদুৰৰ পৰিয়ালে আৰক্ষী থানাত কোনো এজাহাৰ দাখিল কৰা নাই বুলি আৰক্ষী সূত্ৰই জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like