নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নতুন সংসদ ভৱন দেশৰ বাবে উছৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

বিশেষ বাৰ্তা, ২৭ মেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুনকৈ নিৰ্মিত সংসদ ভৱন দেশৰ বাবে উচৰ্গা কৰিব। পুৱা ৭:৩০ বজাৰ পৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত ২৫টা দলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে ২০টা বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত দেশবাসীৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। সকলোৱে এই অনুষ্ঠানৰ অংশ ল’ব বিচাৰে। নতুন ভৱন উদ্বোধনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নতুন সংসদ ভৱনে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব। নতুন সংসদৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰাৰ সময়তে তেওঁ দেশবাসীক ‘মাই পাৰ্লিয়ামেণ্ট মাই প্ৰাইড’ হেচটেগ ব্যৱহাৰ কৰি নিজৰ ভইচ অভাৰৰ সৈতে ভিডিঅ’টো বনাই শ্বেয়াৰ কৰিবলৈও আহ্বান জনাইছে। মোদীয়ে কয় যে এই ভিডিঅ’টো আপোনাৰ কণ্ঠৰ সৈতে (voiceover) শ্বেয়াৰ কৰক, যিয়ে আপোনাৰ চিন্তাধাৰা প্ৰকাশ কৰে। তাৰে কিছুমান ৰিটুইট কৰিম। নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৭৫ টকাৰ বিশেষ মুদ্ৰাও প্ৰদান কৰিব। মুদ্ৰাৰ এফালে অশোক স্তম্ভৰ সিংহ, যাৰ তলত লিখা আছে ‘সত্যমেৱ জয়তে’। মুদ্ৰাৰ বাঁওফালে দেৱনাগৰীত ‘ভাৰত’ আৰু সোঁফালে ইংৰাজীত ‘ভাৰত’ লিখা আছে। তাৰ ওপৰত টকাৰ চিহ্নটোও খোদিত কৰা হৈছে।

You might also like