নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বত্ৰ আইপিএল জুৱা : সৰ্থেবাৰীত সাত জুৱাৰীক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১০ মে: আই পি এল ক্ৰিকেটৰ নামত সৰুক্ষেত্ৰীৰ বিভিন্ন অঞ্চলত ব্যাপক জুৱাৰ পয়োভৰ ঘটিছে। আনকি, আই পি এল ক্ৰিকেট খেল আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটোত নানান প্ৰকাৰৰ অবাঞ্চিত কাণ্ড বৃদ্ধি হোৱা বুলি অভিযোগ উঠিছে ৷ যোৱানিশা সৰ্থেবাৰীত আৰক্ষী থানাৰ আৰক্ষীয়ে আইপি এল জুৱাৰী সহ সাত গৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা জুৱাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত চলোৱা অভিযানত সাতগৰাকীকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোক কেইজন তীৰ খেল,আইপিএল আৰু তাচপাতত জুৱা খেলি থকা জুৱাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সৰ্থেবাৰী আৰক্ষীৰ অভিযানৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন হল বামুণপাকাৰ নৰেশ মণ্ডল, নেউলাৰভিঠাৰ নাৰয়ণ মণ্ডল, হৰেন মণ্ডল, ৭ নম্বৰ ব্লকৰ ৰামপ্ৰসাদ ৰয়, ৮ নম্বৰ ব্লকৰ নৃপেন কুমাৰ মণ্ডল, আমৃখোৱাৰ প্ৰাণজিৎ ডেকা আৰু এৰাট্টাৰীৰ জেক দাস। আৰক্ষীয়ে ৮৭ আৰু ৮৮/২৩ নম্বৰ আৰু ১৩/১৪/১৫ AGB ধাৰাত গোচৰ পঞ্জীয়ন কৰি আজি আটাইকেইগৰাকী জুৱাৰীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।উল্লেখ্য যে সৰ্থেবাৰী অঞ্চলত দীৰ্ঘদিন ধৰি আইপি এল জুৱাৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগতে যতে ততে এচাম জুৱাৰীয়ে জুৱাৰ আড্ডা চলাই পৰিবেশ বিঘ্নিত কৰি আহিছে। ইপিনে আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনাই যদিও এতিয়াও বহু জুৱাৰী মুকলিকৈ ঘুৰি থকা বুলি স্থানীয় লোকে ক্ষোভ ব্যক্ত কৰাৰ লগতে সৰ্থেবাৰী নগৰৰ উপৰি অঞ্চলটোত চলি থকা জুৱাৰ আড্ডা সম্পূৰ্ণ ৰূপে উচ্ছেদ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷
প্ৰেৰক নকুল তালুকদাৰ
You might also like