নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাম কাটিল অসন্তুষ্টি : বঙাইগাঁও বিজেপিৰ পৰা পদত্যাগ নকৰাৰ কথা ঘোষণা ১৮ বিষয়ববীয়াৰ

বিশেষ বাৰ্তা, ১০ মেঃ বঙাইগাঁও জিলা বিজেপিৰ পৰা পদত্যাগ কৰা নাই বুলি জানিব দিয়ে অসন্তুষ্ট ১৮ বিষয়বীয়াই। আজি বঙাইগাঁৱৰ বৰপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত এইসকল  নেতাই সংবাদ মেল আয়োজন কৰি এই কথা অৱগত কৰে। জিলাৰ ১৮ বিষয়ববীয়াৰ পদত্যাগ কথা অস্বীকাৰ কৰি আগৰ দৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মতে দলীয় কাম কাজ অব্যাহত ৰাখিব বুলি জনাইছে ৷ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰে মংগলবাৰে অসন্তুষ্ট বিষয়ববীয়াৰে মিলিত হৈছিল আলোচনাত ৷ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে বঙাইগাঁৱত আজি সংবাদ মেল ৷ উক্ত সংবাদ মেলত অসন্তুষ্ট বিষয়ববীয়া সকলে পদত্যাগৰ কথা অস্বীকাৰ কৰে ৷ আনহাতে বিসম্বাদী বিষয়ববীয়াসকলে এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলিও সংবাদ মেলত জানিব দিয়ে ৷ উল্লেখ্যযে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি হিমানী অধিকাৰীৰ কাম-কাজত অসষ্টুষ্টি ব্যক্ত কৰি ১৮গৰাকী বিষয়ববীয়াই পদত্যাগ কৰিছিল৷ জিলা সভাপতি ডেনিয়েল দাসৰ বিৰুদ্ধে দালালৰাজ চলাই থকাৰ অভিযোগও উত্থাপন কৰিছিল৷ অৱশ্য উক্ত সংবাদ মেলখনত সভানেত্ৰী হিমানী অধিকাৰী উপস্থিত থকা পৰিলক্ষিত নহ’ল৷ ৰাজ্যিক সভাপতি লৈ জিলা উপসভাপতি লুভাছ বৰ্মন , কৌস্তৱ কুমাৰ দাস, দীনেশ সৰকাৰ, দেৱজিত বোস, সা সম্পাদক জ্যোতিৰ্ময় সৰকাৰ, সম্পাদক বিনোদ শৰ্মা, জিতু বণিক্য, দীপ্তি পাঠক, কোষাধ্যক্ষ মদন লাল আগৰৱালা , কাৰ্যালয় সম্পাদক হেমেন বৰ্মন , অভয়াপুৰী নগৰ মণ্ডলৰ সভাপতি মৃদুল পাঠক, বইটামাৰী মণ্ডলৰ সভাপতি দীপক সৰকাৰ, সৃজনগ্ৰাম মণ্ডলৰ সভাপতি যুধিষ্ঠিৰ ৰায়, ডাংতল মণ্ডলৰ সভাপতি ভূৱন দাস, বঙাইগাঁও নগৰৰ উত্তৰ আৰু দক্ষিণ মণ্ডলৰ সভাপতি ক্ৰমে প্ৰদীপ ঘোষ আৰু পূৰ্ণিমা দাসে স্বাক্ষৰিত এক পত্ৰৰ জৰিয়তে পদত্যাগ কৰিছিল ৷
প্ৰেৰক উপানন্দ শৰ্মা
You might also like