নিষিদ্ধ ঘোষিত আলফা ULFA (স্বাঃ)ৰ অঘোষিত ৰাজধানীৰূপে চৰাইদেউক ব্যৱহাৰ কৰি আহিছে দীর্ঘ সময় ধৰি। সংগঠনটোৱে চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলক সুৰক্ষিত স্থান হিচাপে গণ্য কৰি সাংগঠনিক কাম-কাজকে ধৰি ধন সংগ্রহ অভিযান অব্যাহত ৰখা বুলি আৰক্ষীৰ চোৰাংচোৱা সূত্রই লাভ কৰা তথ্য আধাৰত চলোৱা অভিযানত বিগত সময়ছোৱাৰ অভিলেখ ভংগ কৰি সংগঠনৰ হৈ কাম কৰা বুলি সন্দেহ কৰি আৰক্ষীয়ে ৪০ গৰাকীতকৈ অধিক লিংকমেন আটক কৰাত সফলতা লাভকৰিছে।
সংগঠনটোৱে দীর্ঘ সময়ৰ নীৰৱতা ভাঙি জিলাখনৰ একাংশ ব্যৱসায়ী চাহ উদ্যোগপতিক ধন দাবী কৰি আৰক্ষীৰ দৃষ্টিত পৰিছিল। আৰক্ষীয়ে নিষিদ্ধ ঘোষিত সংগঠনটোৰ সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অভিযান আৰম্ভ কৰি চৰাইদেউকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অতি কমেও চল্লিশগৰাকীতকৈ অধিক লিংকমেন আটক কৰে। বৃহৎসংখ্যক লিংকমেন আটক কৰা কাৰ্যই জিলাখনত নিষিদ্ধ ঘোষিত সংগঠনৰ সাংগঠনিক ভেটি যে শক্তিশালী তাকে প্রতিপন্ন কৰিলে।
আলফা (স্বাঃ)ৰ ম্যানমাৰৰ শিবিৰত হঠাৎ চলোৱা ড্ৰ’ন আক্ৰমণৰ পিছতেই আৰক্ষী তৎপৰ হৈ পৰে চৰাইদেউত। আলফাৰ শিবিৰত কোনে আক্রমণ চলাইছিল তাৰ ৰহস্য আজিও ফাদিল নহ’ল। ড্ৰ’নৰ আক্ৰমণত চৰাইদেউৰ দুগৰাকী আলফা কেদাৰে প্ৰাণ হেৰুৱাইছিল। শেষতীয়াভাবে সংগঠনটোৱে আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিয়াৰ পিছতেই চৰাইদেউৰ আৰক্ষীয়ে সক্ৰিয় হৈ অভিযান তীব্ৰতৰ কৰিছে।
যিহেতু আগন্তুক ৭৯ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত কেইটামান দিন, তেনে সময়ছোৱাতে জিলাখনত আৰক্ষীয়ে তন্ন তন্নকৈ নিশ্ছিদ্র তালাচীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ৭৯ সংখ্যক পোন্ধৰ আগষ্টৰ প্রাকৃক্ষণত প্রতিশোধপৰায়ণ হৈ থকা নিষিদ্ধ ঘোষিত সংগঠনটোৱে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ সম্ভাৱনা দেখি আৰক্ষীয়ে আৰম্ভ কৰা অভিযানে জিলাখনৰ, জনসাধাৰণক আতংকিত কৰি তুলিছে। আলফাৰ সন্দেহত আটক কৰা ‘লিংকমেন’ৰ তালিকাত বিৰোধী দল কংগ্ৰেছৰ বহুকেইগৰাকী সদস্যৰ নাম সন্নিবিষ্ট হোৱা বিষয়টোৱে চৰাইদেউ জিলাৰ ৰাজনীতি ক্ষেত্ৰখনত জোকাৰণি সৃষ্টি কৰিছে।
বিশেষ বাৰ্তা, সোণাৰি, ২৯ জুলাই