নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপথাৰৰ লজ-ভাৰাঘৰত Se*x Racket : নেতৃত্বত শিবু!

গুৱাহাটী আৰু যোৰহাটৰ দৰে সৰুপথাৰ সমজিলাৰ বৰপথাৰতো একাংশ লজ আৰু ভাড়াঘৰত ছেক্স ৰেকেট চলাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি বৰপথাৰ নগৰৰ শিবুশীল নামৰ লোকজনে নীতিবহির্ভূতভাবে চলাই থকা অবৈধ লজত চলে অসামাজিক কাৰ্যকলাপ।

উল্লেখ্যযোগ্য যোৱা ৬ আগষ্টৰ নিশা প্রায় ১০: ৩০ বজাত শিবু শীলৰ অবৈধ ল’জত ডিব্রুগড়ৰ এজন যুৱক আৰু বৰপথাৰৰ দুগৰাকী যুৱতী উদ্ধাৰ হোৱা ঘটনাই এই অভিযোগৰ সত্যতা প্ৰমাণ কৰে।

আনহাতে ঘটনাস্থলিত বৰপথাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ লগতে যুৱতী দুগৰাকীক থানালৈ লৈ যায়। ঘটনা সম্পর্কে অবৈধ ল’জ খনৰ মালিকৰ পৰা জানিব বিচৰাত খড়গহস্ত হৈ সাংবাদিকক দুব্যৱহাৰ কৰে শিবু শীল আৰু তেওঁৰ পুত্ৰই। বৰপথাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া গৰাকীৰ পৰা জানিব বিচৰাত কামৰ ব্যস্ততা দেখুৱাই যুৱক-যুৱতীৰ নাম জনোৱাৰ পৰা বিৰত থাকে বিষয়াগৰাকী।

শিবু শীলৰ অবৈধ লজত ভাড়াতীয়া হিচাপে থকা লোকেও এজন যুৱক আৰু দুগৰাকী যুৱতীক আৰক্ষীয়ে গাড়ীত উঠাই নিয়াৰ কথা সদৰী কৰে সংবাদমাধ্যমৰ আগত।

আনহাতে কাষতে থকা লজৰ কোঠা বিচাৰি ফ’ন কৰাৰ কথাও সংবাদমাধ্যমৰ আগত অৱগত কৰে লজ’টোৰ স্বত্বাধিকাৰীয়ে। এই সমগ্ৰ ঘটনা সম্পর্কত জাঙুৰ খাই উঠিছে আছু। ঘটনা সম্পর্কে তদন্ত কৰি দোষীক উচিত শাস্তি প্রদান কৰাৰ লগতে শিবু শীলৰ অবৈধ ল’জ বন্ধ কৰিবলৈ দাবী জনাই আছুৱে। সমান্তৰালকৈ সৰুপথাৰ সমজিলাত থকা ল’জ সমূহ পৰীক্ষা কৰিবলৈ আহ্বান জনায় প্ৰশাসনক।

Niyomiya Barta Desk, 9 August, 2025

You might also like