নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ চেষ্টা শিক্ষকৰ

মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত

নিয়মীয়া বাৰ্তা ১৮ ডিচেম্বৰঃশিক্ষাগুৰু আৰু ছাত্ৰীৰ মাজৰ পবিত্র সম্পৰ্কক কলংকিত কৰিলে এগৰাকী লম্পদ শিক্ষকৰ কৰ্মকাণ্ডই।এই ঘটনা ঘটিছে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং দৈলংঝাৰত।বিষ্ণুপুৰ বজাৰস্থিত সমাজকল্যান হাইস্কুলৰ বিজ্ঞান শিক্ষক আশুতোষ মণ্ডল নামৰ শিক্ষক গৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিদ্যালয় খনৰে দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে।অভিযোগ অনুসৰি বিদ্যালয় চুটিৰ পিছত নিজ গৃহাভিমুখে খোজকাঢ়ি গৈ থকা ছাত্ৰী গৰাকীক নিজৰ স্কুটিত উঠিবলৈ অনুৰোধ কৰে লম্পদ শিক্ষক গৰাকীয়ে।কিছুদূৰ যোৱাৰ পিছত এখন দোকানত কাম আছে বুলি স্কুটি ৰখাই ছাত্ৰী গৰাকীক নামিব দিয়ে আৰু এই সুযোগ গ্ৰহণ কৰিয়ে লম্পদ শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীক পিছফালে লৈ গৈ হাতত ধৰি যৌন নিৰ্যাতনৰ লক্ষ্যৰে অশ্লীল প্ৰস্তাৱ প্ৰদান কৰে।ছাত্ৰী গৰাকী এৰাই যাবলৈ সক্ষম হয় যদিও পুনৰ বাট আগুচি ধৰি এই প্ৰস্তাৱ নামানিলে ভৱিষ্যতে বেয়া হ’ব বুলি ভয়-ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰী গৰাকীয়ে। এই সংক্ৰান্তত ছাত্ৰী গৰাকীয়ে পাণবাৰী থানাত এজাহাৰ দাখিল কৰে যদিও শিক্ষক পক্ষৰ লোকে ছাত্ৰী গৰাকী তথা পৰিয়ালৰ লোকক এজাহাৰ উঠাই লবলৈ ভাবুকি প্ৰদান কৰে বুলি জানিব দিয়ে। অৱশ্যে ইতিমধ্যে এজাহাৰৰ ভিত্তিত পাণবাৰী থানাৰ আৰক্ষীয়ে 159/21 নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধীৰ
354(A)/341/511 IPC নম্বৰৰ ধাৰা পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

 ইফালে ঘটনা সন্দৰ্ভত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত যদি সঁচাকৈয়ে বিদ্যালয়ৰ পৰা ঘৰত গৈ থকা অৱস্থাত শিক্ষক গৰাকীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিছে, তেনেহলে উপযুক্ত তদন্ত কৰি দোষীয়ে উপযুক্ত শাস্তি পাব লাগে বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।

You might also like