নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফ্ছপা প্ৰত্যাহাৰৰ দাবীত কহিমাত বৃহৎ গণ ৰেলীঃ নেছ’ৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ অংশ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰ : যোৱা ৪ আৰু ৫ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনাবাহিনীৰ দ্বাৰা সংঘটিত বৰ্বৰ গুলী চালনাৰ ঘটনাৰ প্ৰতিবাদ আজিও অব্যাহত আছে । নাগালেণ্ডৰ মন জিলাত ভাৰতীয় সেনা বাহিনীৰ নিৰ্বিচাৰ গুলী বৰ্ষণত ১৪ জনকৈ নিৰীহ নগা লোকৰ মৃত্যুৱে সমগ্ৰ দেশ জোকাৰি গৈছিল আৰু চৰকাৰেও এই ঘটনা সেনাবাহিনী ৰ ভুলৰ বাবে হোৱা বুলি স্বীকাৰ কৰি গভীৰ দুখ প্ৰকাশ কৰিছিল । বিগত কেইবাদশক ধৰি কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বক উত্তৰ পূৰ্বাঞ্চলত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন জাপি দি মানৱ অধিকাৰ আইন খৰ্ব কৰি আহিছে ।

নাগালেণ্ডৰ মন জিলাত ভাৰতীয় দখল দাৰী সেনাই সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন আফ্ছপাৰ ‘অপব্যৱহাৰ কৰি সংঘটিত কৰা জঘন্য ঘটনাৰ মুকলি প্ৰতিবাদ জনাই আজি নাগালেণ্ডৰ ৰাজধানী কহিমাত হাজাৰ হাজাৰ পুৰুষ মহিলা ছাত্র ছাত্ৰীয়ে হাতে হাতে প্লে’কাৰ্ড লৈ ন্যায়ৰ দাবীত অভূতপূৰ্ব প্ৰতিবাদ সাবস্ত্য কৰে। কহিমাৰ পুৰণি বিধায়ক আৱাস স্থলীৰ কাষতে ৰাজপথত প্ৰতিবাদ সাবস্ত্য কৰাৰ লগতে পদ পথৰ কাষত এখন বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰথমে সেনাৰ গুলীত নিহত হোৱা লোক সকলৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰে।

নগা ষ্টুডেন্টছ ফেডাৰেছনৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী সভাত, নাগা ধৰ্মগুৰু, নাগালেণ্ডৰ সকলো দল সংগঠন, নাগা মহিলা সংগঠনকে আদি কৰি কহিমাৰ কেইবাটাও সংগঠন সহ কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ এটা দলৰ লগতে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা নেছ’ ৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য উপস্থিত থাকি উদাক্ত ভাষণ দি কয় যে, নগা ৰাইজ অকলে নাই নগা ৰাইজৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ সকলো দল সংগঠন , ৰাইজ নগা সকলৰ লগত আছে। ভাষণত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাসক তীব্ৰ হুংকাৰ দি কয় যে, সেনা বাহিনীৰ এই বিশেষ ক্ষমতা আইন ১৯৫৮ অতি শিঘ্ৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাতিল কৰিব লাগে, আন্যথা আহি থকা দিনত এই আইন খন বাতিলৰ দাবীত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হব।

আনহাতে তেওঁ আমাক অশান্তিৰ বিপৰীতে শান্তিহে লাগে বুলি উল্লেখ কৰে। আফ্ছপা বাতিল দাবীত আজি অনুষ্ঠিত হোৱা সভাত নাগালেণ্ডৰ বিভিন্নজনে বিভিন্ন গীতৰ মাজেৰেও প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সভাৰ পাছতেই সমগ্ৰ কহিমা চহৰ স্তব্ধ কৰি হাজাৰ হাজাৰ জনতাই ইণ্ডিয়ান আৰ্মী গ বেক , উত্তৰ পূৰ্বাঞ্চলৰ পৰা আফস্পা বাতিল কৰক, অন্য ৰাজ্যৰ মানুহৰ দৰে নগা লোককো শান্তিৰে থাকিবলৈ দিয়ক আদি বিভিন্ন শ্লোগানেৰে কহিমাৰ আকাশ বতাহ কঁপাই তুলি কহিমা ৰাজভৱনলৈ বিশাল সমদল উলিয়াই । তেওঁলোকে ৰাজ্যপালৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

You might also like