নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশ, কি কি আছে এই নিৰ্দেশনাত চাওক সৱিশেষ…

নিয়মীয়া বাৰ্তা ১২ মেঃ অসমত ক’ভিডৰ সংক্রমণ ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধিত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷

আজি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে এখন সংবাদ মেলযোগে ক’ভিডৰ নতুন এছঅ’পি প্রকাশ কৰিছে।

সংবাদমেলত চৰকাৰৰ ফালৰ পৰা যুগুতোৱা এই নীতি–নির্দেশনাসমূহক জনসাধাৰণক পালন কৰাৰ আহ্বান জনায় মুখ্য সচিব জিষ্ণু বৰুৱাই।

এই নির্দেশনাৱলী সমূহ ১৬, মে ২০২১ তাৰিখৰ পৰা পুনৰ নির্দেশ নিদিয়া পর্যন্ত বলবৎ থাকিব।

১। চহৰ অঞ্চলত আৰু চহৰ / নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১-০০ বজাত বন্ধ হব। এই অঞ্চল সমূহত দিনৰ ২-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।

২। গ্রাম্য অঞ্চলত দিনৰ ২-০০ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব। এই অঞ্চলসমূহত সন্ধ্যা ৬-০০ বজাৰ পৰা পুৱা ৫-০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।

৩। ৰেষ্টুৰেন্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১-০০ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব। ইয়াৰ পিছত হোটেলৰ আৱাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব। আবেলি ১-০০ বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব।

৪। সকলো সাপ্তাহিক বজাৰ / হাট অহা ১৫ দিনৰ বাবে সম্পূর্ণ ৰূপে বন্ধ থাকিব।

৫| সকলো শিক্ষা প্রতিষ্ঠানত শ্রেণীসমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।

৬. সকলো চৰকাৰী আৰু বেচৰকাৰী কার্যালয় অহা ১৫ দিনৰ বাবে বন্ধ থাকিব। চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু ওপৰৰ পর্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব। এই কার্যালয়সমূহ কেৱল ১-০০ বজালৈকেহে খোলা থাকিব।

৭. যদিহে কোনো অঞ্চলত কভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেনে অঞ্চল সমূহ জিলা উপাযুক্তই কন্টেইনমেন্ট জন হিচাপে ঘোষণা কৰিব।

৮। বিবাহত কেৱল নিজৰ ঘৰৰ ভিতৰত ১০ জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব।

৯। অন্ত্যেষ্টিক্রিয়াৰ বাবে কেৱল ১০ জনৰ উপস্থিতিৰ অনুমতি থাকিব।

১০। সকলো ধর্মীয় প্রতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত বা মৌলবীযে নূন্যতম ধর্মীয় কর্মসমূহ সম্পন্ন কৰিব পাৰিব।

১১। সকলো ৰাজহুৱা পৰিবহন ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্রীহে কঢ়িয়াব পাৰিব।

১২। অটো ৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সীত এজন চালক আৰু ২ জন যাত্রী যাব পাৰিব।

১৩। দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্রযোজ্য নহ’ব।

১৪। চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫-০০ বজাৰ পৰা দিনৰ ২-০০ বজালৈ যুগ্ম-অযুগ্ম (ODDEVEN) হিচাবত চলাব পাৰিব। এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে নির্দেশ জাৰি কৰিব। কেৱল জৰুৰী কালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব।

১৫। আবেলি ২-০০ বজাৰ পৰা পূৱা ৫-০০ বলৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা-সুৰা সম্পূর্ণ বন্ধ থাকিব। কেৱল ইতিপূর্বে জাৰি কৰা ৰেহাই সমূহ (Vide Order No. ASDMA.28/2021/74 dated 4″ May 2021) প্ৰযোজ্য হ’ব। অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বা বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্রযোজ্য নহ’ব।

১৬। যিবিলাক বিষয় বা অঞ্চল এই নির্দেশনাই সামৰি লোৱা নাই সেই সমূহত ইতিপূর্বে জাৰি কৰা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (Vide Order No. ASDMA.28/2021/74 dated 4th May 2021) নির্দেশনাসমূহ প্রযোজ্য হ’ব।

You might also like