নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ অক্টোম্বৰ, বৃহস্পতিবাৰ

মেষ : মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ যান–বাহন কিনাৰ বাবে চেষ্টা কৰিব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃষ : ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা৷ আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷

মিথুন : সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব৷ প্রতিবেশীৰ লগত সদ্ভাব ৰাখিব৷ ব্যৱসায়–বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷

কর্কট : কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে৷ খেলা–ধূলাৰ লগত জড়িতসকলে সুফল পাব৷ মাটি–বাৰী ক্রয় কৰাৰ ক্ষেত্রত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷

সিংহ : পানী লগা, কাহ আদি ৰোগ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব৷ মোকর্দমা আদিত সফলতা আহিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

কন্যা : ব্যৱসায় সম্প্রসাৰণৰ যোগ দেখা যায়৷ দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা৷ অন্ধবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব৷ যান–বাহন কিনাৰ ক্ষেত্রত বাধা নাই৷ শুভ ৰং ক’লা৷

তুলা : কর্মক্ষেত্রত সহকর্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে৷ বিদ্যাত জটিলতা কম৷ দাম্পত্যত নিজৰ বিচাৰক অগ্রাধিকাৰ দিব লাগিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

বৃশ্চিক : আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

ধনু : বৈষয়িক ক্ষেত্রত নিজৰ দুর্বলতাৰ বাবে সমস্যাত পৰিব পাৰে৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷

মকৰ : দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ সন্তানৰ বাবে মধ্যম৷ নিকট আত্মীয়ৰ কোনো কথাত চিন্তিত৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

কুম্ভ : চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বিদ্যাত অশুভ নহ’ব৷ কর্মত তৎপৰতা থাকিব৷ শৰীৰৰ প্রতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷

মীন : আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব৷ মনোবল বৃদ্ধি পাব৷ নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা৷ কর্মক্ষেত্রত সামান্য বাধাৰ কাৰকতা৷ সু–বন্ধু লাভ৷ প্রেমত আহুকাল নাথাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

You might also like