নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত প্ৰাসাদোপম অট্টালিকা নিৰ্মাণ : আভাজ্যোতিৰ পৰ্বতসম সম্পত্তিৰ ৰহস্য কি?

✅আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু
✅বিতৰ্কিত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই দক্ষিন কামৰূপত অবাধে গঢ়িছে সম্পত্তিৰ পাহাৰ

নিয়মীয়া বাৰ্তা, ২৬ মে : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। জোনমনিৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰিছে হয়বৰগাওঁ থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ।প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ ঘৰ দক্ষিন কামৰূপৰ বকোৰ শিংৰা ডেকাপাৰাত।সুদক্ষ আৰক্ষী বিষয়া তথা দুৰ্নীতিৰ বিৰূদ্ধে শূন্য সহনশীলতা স্থিতি লোৱা জোনমনিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত দাখিল কৰা এজাহাৰত নাম সাঙোৰ খাইছে আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ। এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰি আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ তলৱ কৰা হৈছে। উল্লেখ্য যে ২০১৭ চনত অসম আৰক্ষীত আৰক্ষী উপ পৰিদৰ্শক হিচাপে যোগদান কৰা বিতৰ্কিত আভাজ্যোতি ৰাভাই ৩ বছৰীয়া চাকৰিৰ কাৰ্যকালত গঢ়ি তুলিছে অবাধ হাৰত পাহাৰসম সম্পত্তি। আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই তিনি বছৰ চাকৰি কৰি দক্ষিন কামৰূপৰ বকো; বন্দাপাৰা; ডাকুৱাপাৰা; ৰানীত ক্ৰয় কৰিছে প্ৰায় কৌটি টকাৰ ভূমি। খবৰ অনুসৰি আভাজ্যোতি ৰাভাৰ প্ৰয়াত পিতৃ আছিল এগৰাকী প্ৰাথমিক পৰ্যায়ৰ শিক্ষক। প্ৰশ্ন হয় এজন আৰক্ষী উপ পৰিদৰ্শকে তিনিবছৰীয়া চাকৰিৰ কাৰ্যকালত কিদৰে গঢ়িলে কৌটিটকীয়া সম্পত্তি? অভিযোগ উথ্বাপিত হোৱাৰ দৰে আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ জেপত সোমাইছিল নেকি নকল টকা;নকল সোন আৰু তীৰ ব্যৱসায়ৰ কলা ধন? প্ৰাপ্ত তথ্য মতে আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই বকো ডাকুৱাপাৰাত বহু লক্ষ্যাধিক টকাত ভূমি ক্ৰয় কৰি নিৰ্মাণ কৰি আছে এটা বিশাল অট্টালিকা।আভাজ্যোতি ৰাভাৰ বকোত নিৰ্মান কৰি থকা পাচঁ মহলীয়া এই অট্টালিকা নিৰ্মানত বৰ্তমানলৈ খৰচ হৈছে ২৫ লক্ষ্যাধিক টকা। আনকি বকো ডাকুৱাপাৰাত চুবুৰীয়াৰ মাটি ক্ষমতাৰ বলেৰে বলীয়ান আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই অবৈধভাৱে দখল কৰাৰ কথাও চুবুৰীয়াই এক অভিযোগ উথ্বাপন কৰিছে। আনহাতে পৰিয়ালৰ ভাষ্য অনুসৰি ১২ বছৰ অধিক সময় চাকৰিত নিয়োজিত হৈ আছে আভাজ্যোতি ৰাভা। সংবাদ মাধ্যমত ভুলকৈ তিনিবছৰ বুলি প্ৰচাৰ হৈ আছে। CISFত ২০১০ মাৰ্চৰ পৰা কাম কৰি অসম আৰক্ষীত ২০১৭ৰ জুলাইত যোগদান কৰে।চাকৰীয়াল পিতৃৰ মৃত্যুৰ পিছত প্ৰাপ্য ধনেৰে বকো ডাকুৱাপাৰাৰ ভূমি আভাজ্যোতিৰ মাতৃৰ নামত ক্ৰয় কৰা বুলি আত্মীয়ই জানিবলৈ দিয়ে। আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাই তিনিবছৰীয়া চাকৰি কালত কিদৰে এই পাহাৰসম সম্পত্তিৰ গৰাকী হ’ল? এজাহাৰত উল্লেখ থকা তথা জোনমনিৰ মাতৃয়ে বাৰে বাৰে নাম উচ্চাৰন কৰা আভাজ্যোতি ৰাভাক মাত্ৰ ৰিজাৰ্ভ ক্লজ কৰি কোন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ আৰ্শীবাদৰ বাবে বৰ্তমানলৈ তদন্তৰ আওতাত অনা হোৱা নাই বা গ্ৰেপ্তাৰ কৰা হোৱা নাই; সেয়া জোনমনিৰ ৰহস্যজনক মৃত্যুৰ পৰৱৰ্তী প্ৰকৃত তদন্তত হে ওলাই পৰিব।

প্ৰেৰক প্ৰীতম বায়ন

You might also like