নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতিৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বানেৰে জনোৱা পিআইএল খাৰিজ উচ্চতম ন্যায়ালয়ৰ

বিশেষ বাৰ্তা, ২৬ মেঃ দেশৰ নতুন সংসদ ভৱন উদ্বোধনী বিতর্কই ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ প্রধানমন্ত্রীৰ পৰিৱর্তে ৰাষ্ট্রপতিৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বানেৰে কালি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পিআইএল) আজি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে খাৰিজ কৰে৷ আদালতৰ মজিয়াত সংসদ ভৱনৰ উদ্বোধনী বিতর্ক শাম কাটিলেও বিৰোধী ৰাজনৈতিক দলসমূহে এইক্ষেত্রত এতিয়াও উদ্বোধনী অনুষ্ঠান বর্জনত অটল হৈ আছে৷ অহা ২৮ মে’ত উদ্বোধন হ’বলগীয়া নতুন সংসদ ভৱনৰ উদ্বোধন ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ দ্বাৰা মুকলি কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এজনে জনোৱা পিআইএলখন আজি বিচাৰপীঠে খাৰিজ কৰে আৰু লগে লগে আদালতত এই বিষয়টো অন্ত পৰে৷ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয়া চুকিনে ৰাষ্ট্রপতিৰ দ্বাৰা সংসদ ভৱন উদ্বোধন নকৰি কেন্দ্রীয় চৰকাৰে সংবিধান উলংঘন কৰা বুলি অভিযোগ উত্থাপন কৰি এই বিষয়ত সর্বোচ্চ ন্যায়ালয়ক হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনায়৷ আজি বিচাৰপীঠে আবেদনখন খাৰিজ কৰি এই বিষয়টোত আদালতে হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পিছতেই আবেদনকাৰীয়ে পিআইএলখন প্রত্যাহাৰ কৰে৷

You might also like