বিশেষ বাৰ্তা, ৭ অক্টোবৰ : CIDৰ লকআপত সিদ্ধাৰ্থৰ দেহৰ পৰা ওলাইছে গোন্ধ! লকআপত অস্বস্তিত পৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেয়ে শৰীৰৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে সিদ্ধাৰ্থক লাগে পাৰফিউম।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱিত কালত বিলাসী জীৱন কটোৱা সিদ্ধাৰ্থ শেহতীয়াকৈ চি আই ডিৰ লকআপত আবদ্ধ হৈ আছে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থক চি আই ডিৰ লকআপত প্ৰয়োজন হৈছে পাৰফিউমৰ। সিদ্ধাৰ্থক সাক্ষাৎ কৰিবলৈ অহা লোকৰ পৰা পাৰফিউম বিচাৰিছিল সিদ্ধাৰ্থে। অৱশ্যে দামী পাৰফিউম লগোৱা সিদ্ধাৰ্থলৈ বুলি আত্মীয়ই অনা ডিঅ’ড্ৰেণ্ট ROLL-ON চি আই ডি কাৰ্যালয়ৰ ভিতৰলৈ নিবলৈ নিদিলে গেটত থকা আৰক্ষীয়ে।