নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“বিজেপিয়ে হাম দো-হামাৰে দো সমীক্ষাৰে ভাৰতবৰ্ষত লুণ্ঠনৰাজ চলাইছে”-পৃথ্বীৰাজ প্ৰভাকৰ সাথে

 

নিয়মীয়া বাৰ্তা;১৪ মাৰ্চ::-“বিজেপিয়ে হাম দো হমাৰে দো সমীক্ষাৰে ভাৰতবৰ্ষত লুণ্ঠনৰাজ চলাইছে;বিজেপিয়ে পঞ্চপাণ্ডৱ প্ৰক্ৰিয়াৰে বিজেপি বিৰোধী ঢৌক দমন কৰে” এনেদৰে আজি ছয়গাওঁৰ হাতীপাৰাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ হাত ছে হাত জোড়ো অভিযানৰ এখনি সভাত মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেই।

কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটি তথা মাজৰটোপ,বাতাহদিয়া আৰু আচলপাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত হাতীপাৰা গাওঁ পঞ্চায়ত খেলপথাৰত মংগলবাৰে অনুষ্ঠিত হয় এই সভা। উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সহকাৰী প্ৰভাৰী পৃথ্বিৰাজ প্ৰভাকৰ সাথে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন শিকদাৰ, ছয়গাওঁৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা।

ছয়গাঁৱৰ গুমিৰ পৰা আৰম্ভ হৈ হাতিপাৰা গাওঁ পঞ্চায়তৰ খেল পথাৰত শেষ হোৱা বৃহৎ মটৰচাইকেল ৰেলিৰে ‘হাত সে হাত যোৰো’ শীৰ্ষক কংগ্ৰেছৰ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতেই ৰাইজক উদ্দেশ্যি দিয়া নিজৰ ভাষণত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথে ভাষনৰ প্ৰথমতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সমষ্টিৰ উন্নয়নৰ কথাৰে প্ৰশংসা কৰে আৰু অনাগত দিনত ও সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি যাবলৈ কয়। তেওঁ লগতে “হম দো হমাৰে দো” বুলি কৈ বিজেপিৰ চৰম লুণ্ঠনৰাজৰ কথা প্ৰকাশ কৰি নৰেন্দ্ৰ মোডী অমিত শ্বাহ আৰু তেওঁলোকৰ দুজন লুণ্ঠন সম্ৰাট আদানী আৰু আম্বানীৰ কথা কৈ চোকা সমালোচনা কৰে। নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ বিৰুদ্ধে কোনোবাই মাত মাতিলে বিৰোধী দলৰ সকলোৰে বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। অথচ মোডীয়ে সংসদত কয় যে তেখেত বিজেপি দলৰ হৈ অকলশৰীয়াকৈ সকলোৰে বিৰুদ্ধে যুঁজ দি আহিছে, কিন্তু এই সম্পূৰ্ণ অসত্য। বিজেপি দলৰ মোদী, অমিত শ্বাহ লগতে চিবিআই, ই ডি, এন আই এ লৈ পঞ্চপাণ্ডৱৰ দৰে সকলোৰে বিৰুদ্ধে যুঁজ কৰিবলৈ চেষ্টা চলাই। আনকি, বৰ্তমানৰ ছয়গাঁৱ সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদক দমন কৰিবলৈ ৩২০ টালৈ অভিযোগ প্ৰদান কৰিছে বিজেপি দলে।

অসম বিধানসভাৰ বাজেট অধিবেশনৰ তৃতীয় দিনা বিধানসভাৰ মজিয়াৰ পৰা সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰক উলিয়াই দিয়াৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হুছেইনে। এই সম্পৰ্কে তেখেতে কয় যে,আজি তৃতীয় দিনা বিধানসভাৰ মজিয়াত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয় আলোচনা চলি থাকোঁতে, বিৰোধী দলক ৪০ লাখ জবকাৰ্ডৰ হিতাধিকাৰীক দৈনিক কাম দিয়াৰ বিপৰীতে মাত্ৰ ১৫ হাজাৰ হিতাধিকাৰীক হে দৈনিক জবকাৰ্ডৰ কাম দিয়া হৈছে, এই বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পাছতেই বিধানসভাৰ অধ্যক্ষই বিধানসভাৰপৰা উলিয়াই দিয়ে।

আনহাতে, শিকদাৰে ছেবাৰ প্ৰশ্ন কাকত ফাদিল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীক আধা পাগল বুলি উল্লেখ কৰে।

অসমত চলি থকা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে ৰূপজ্যোতি কূৰ্মীয়ে বিৰোধী দলৰ কাৰ্য বুলি কোৱা কথাক কটাক্ষ্য কৰি জাকিৰ হুছেইন শিকদাৰে ৰূপজ্যোতি কুৰ্মীক আধা পাগল বুলি সংবাদকৰ্মী আগত মত প্ৰকাশ কৰে।

আনহাতে, ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নিজৰ ভাষণত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পৰা পোৱা অনুভৱখিনি ৰাইজৰ আগত প্ৰকাশ কৰাৰ উদ্দেশ্য আগত ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছে ‘হাত সে হাত যোৰো’ অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰাৰ লগতে আগন্তুক এই ‘হাত সে হাত যোৰো’ অভিযানৰ জৰিয়তে পঞ্চায়ত তথা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলক ৰাইজে আকোৱালি লৱ আৰু দেশত চলাই থকা শোষণৰাজৰ সামৰণি পেলাব বুলি মত প্ৰকাশ কৰে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like