বোৰ্খা পিন্ধিলে ২.৬ লাখ টকা জৰিমনা ! ইটালীৰ সংসদত বিল উত্থাপন জৰ্জিয়া মেলোনি চৰকাৰৰ
নিউজ ডেস্ক, ১০ অক্টোবৰ : ৰাজহুৱা স্থানত বোৰ্খা বা হিজাব পিন্ধা বন্ধ কৰিবলৈ বিল উত্থাপন কৰিলে ইটালীৰ জৰ্জিয়া মেলোনি চৰকাৰে। ইটালীৰ শাসকীয় দল ‘ব্ৰাদাৰ্ছ অৱ ইটালী’ৰ তৰফৰ পৰা সংসদত এই সন্দৰ্ভত এখন বিল উত্থাপন কৰা হয়। জৰ্জিয়া চৰকাৰৰ দাবী, দেশখনত ‘ইছলামিক আৰু সাংস্কৃতিক বিচ্ছিন্নতাবাদ’ ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আইন অমান্য কৰিলে ৩০০ৰ পৰা ৩০০০ ইউৰো পৰ্যন্ত জৰিমনা বিহা হ’ব। ভাৰতীয় মুদ্ৰাত যাৰ পৰিমাণ ২৬ হাজাৰৰ পৰা ২.৬ লাখ টকা।
উল্লেখ্য যে বিগত ৮ অক্টোবৰত ইটালীৰ সংসদত এই বিল উত্থাপন কৰা হয়। বিলত কোৱা হৈছে- স্কুল, বিশ্ববিদ্যালয়, দোকান-ব্যৱসায়িক প্ৰতিষ্ঠান, অফিচ আৰু অন্যান্য ৰাজহুৱা স্থানত সম্পূৰ্ণ শৰীৰ ঢকা পোছাক পিন্ধিব নোৱাৰিব। বিলত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে ৰাজহুৱা স্থানত বোৰ্খা বা হিজাব পিন্ধা নিষিদ্ধ হ’ব। বিলখনৰ উদ্দেশ্য হৈছে দেশখনত ধৰ্মীয় বিচ্ছিন্নতাবাদ আৰু ধৰ্মৰ দ্বাৰা ঘৃণাৰ প্ৰসাৰ বন্ধ কৰা। মেলোনি চৰকাৰৰ দাবী- এই পদক্ষেপে ইটালীত সামাজিক সম্প্ৰীতি বৃদ্ধি কৰিব আৰু সাংস্কৃতিক বিচ্ছিন্নতাবাদক সমূলি নিৰ্মূল কৰিব।
উল্লেখ্য যে ১৯৭৫ চনৰ পৰা ইটালীত ৰাজহুৱা স্থানত মুখ ঢকা পোছাক পিন্ধাৰ ওপৰত আইন আছে যদিও তাত বোৰ্খা আৰু হিজাবৰ কথা উল্লেখ নাছিল। মেলোনিৰ দল ‘ব্ৰাদাৰ্ছ অৱ ইটালী’ৰ সহযোগী লীগ পাৰ্টিয়ে এই বছৰ মুখ ঢকা পোছাক যেনে- বোৰ্খা আৰু হিজাবৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ দাবী তুলিছিল। সেই দাবীক স্বীকৃতি দিবলৈ এইবাৰ মেলোনিৰ দল তৎপৰ হয়। মেলোনিৰ জোঁট চৰকাৰ বৰ্তমান ইটালীৰ সংখ্যাগৰিষ্ঠ দল। সেয়েহে বিলখন পাছ হোৱাত বিশেষ সমস্যা নহ’ব বুলি ধাৰণা কৰা হৈছে।
এই বিলখনক কেন্দ্ৰ কৰি ইটালীত বিতৰ্কও আৰম্ভ হৈছে। ডানপন্থী সমৰ্থকসকলে বিলখনক সমৰ্থন কৰিলেও মুছলিম সংগঠনসমূহে ইয়াক ‘ইছলামবিৰোধী’ বুলি অভিহিত কৰিছে। ইটালীৰ মুছলিম সংগঠনৰ তৰফৰ পৰা জনোৱা হৈছে- “এই বিল নাৰীৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ আৰু ধৰ্মীয় স্বাধীনতাৰ উলংঘন।” তথাপি ডানপন্থীসকলে এই সকলোবোৰক গুৰুত্ব দিবলৈ অপাৰগ। তেওঁলোকৰ দাবী- ইটালীত মাত্ৰ ৫ লাখ মুছলিম জনসংখ্যা। তেওঁলোকৰ বাবে দেশত সাংস্কৃতিক বিচ্ছিন্নতা আৰু ইছলামিক বিচ্ছিন্নতাবাদে মূৰ তুলি উঠিছে। এই পৰিস্থিতিত ইটালীৰ সংস্কৃতি ৰক্ষা আৰু সামাজিক বিভাজন ৰোধত এই বিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।