নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাপ্যৰ দাবীত ফুকনবাৰী চাহ বাগিচাত অৱস্থান ধৰ্মঘট…

নিয়মীয়া বাৰ্তা, টেঙাখাত, ১৭ নৱেম্বৰ : অসম চাহ কৰ্মচাৰী সংঘৰ ফুকনবাৰী চাহ বাগিচা গোটৰ উদ্যোগত আজি টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ফুকনবাৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বাগিচাখনৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সকলো কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু শীঘ্ৰে  সমস্যাসমূহ সমাধান কৰিবলৈ বাগিচাখনৰ কৰ্তৃপক্ষক দাবী জনায় ৷

উল্লেখ্য যে যোৱা ২৭ অক্টোবৰত অসম চাহ কৰ্মচাৰী সংঘৰ ফুকনবাৰী চাহ বাগিচা গোটৰ ফালৰ পৰা বাগিচাখনৰ পৰিচালকক কৰ্মচাৰীসকলৰ সমস্যা সন্দৰ্ভত সাতদফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছিল ৷ স্মাৰক-পত্ৰখনত ১৪ নৱেম্বৰৰ ভিতৰত সমস্যাসমূহ সমাধান কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল যদিও বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত সংঘই আজিৰ পৰা অৰ্থাত ১৭ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ এলানি প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷

স্মাৰক-পত্ৰখনত উল্লেখ কৰা দাবীসমূহ হ’ল- মজুৰি পুনৰীক্ষণৰ বাকী থকা বকেয়া ধন; ছুটী ভ্ৰমণ ভাট্টা আৰু ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিবলৈ বাকী থকা দৰমহা আদায় দিয়া; চুক্তি অনুসৰি কৰ্মচাৰীক উন্নীতকৰণ; গ্ৰেছুইটীৰ ধন আদায় দিয়া আৰু চিকিৎসাৰ বিধেয়ক চাৰি বছৰ ধৰি অনাদায় হৈ থকা ৷ এইকেইটা দাবী সমাধান নকৰালৈকে প্ৰতিবাদী আন্দোলন ধাৰবাহিকভাৱে চলি থাকিব বুলি হুংকাৰ দিয়ে সংঘৰ ফুকনবাৰী চাহ বাগিচাৰ কৰ্মচাৰী গোটে ৷ 

You might also like