অসম দক্ষতা বিকাশ অভিযানৰ উদ্যোগত তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ আৰু নিযুক্তি কোষ, কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত বিশ্ববিদ্যালয়খনত এক দক্ষতা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ লগতে মাজুলী জিলাত অসম দক্ষতা বিকাশ অভিযানৰ ধ্বজাবাহী কাৰ্যসূচী ‘স্কিল যাত্ৰা’ৰো শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ প্ৰশিক্ষণ আৰু নিযুক্তি কোষ তথা কেৰিয়াৰ পৰামৰ্শ আৰু মাগদৰ্শন কোষৰ সমন্বয়ক শেখৰজ্যোতি নেওগে উক্ত কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থকা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, পঞ্জীয়ক, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, মাজুলীৰ অধ্যক্ষ, অসম দক্ষতা বিকাশ অভিযানৰ মাজুলী আৰু যোৰহাট জিলাৰ জিলা প্ৰকল্প প্ৰবন্ধক (প্ৰশিক্ষণ) অনিৰুদ্ধ বৰপূজাৰীকে প্ৰমুখ্য কৰি সকলো প্ৰশিক্ষক তথা জিলা দক্ষতা বিকাশ অভিযান, মাজুলীৰ সকলো বিষয়ববীয়া আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনায়।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাই সজাগতা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰাৰ লগতে ‘স্কিল যাত্ৰা’ৰ ফ্লেগ অফ কৰি দক্ষতা সজাগতা কাৰ্যসূচীৰ গুৰুত্ব আৰু নিযুক্তিৰ ক্ষেত্ৰত দক্ষতা আহৰণৰ গুৰুত্বৰ বিষয়ে চমুকৈ আলোকপাত কৰে। কাৰ্যসূচীত উপস্থিত থকা অন্যান্য অতিথিসকলেও দক্ষতা আহৰণৰ গুৰুত্ব সম্বন্ধে নিজ নিজ দৃষ্টিভংগী দাঙি ধৰে। উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ স্নাতক মহলাৰ প্ৰায় ৫৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ উপৰি নিৰ্দিষ্ট বিষয়ত আয়োজন কৰা Psychometric Testত অৱতীৰ্ণ হয়।