সন্ত্রাস চলাবলৈ ‘ইত্তেহাদ–উল–মুজাহিদিন পাকিস্তান’ গঠন, হাক্কানী নেটৱর্কৰ লক্ষ্য ভাৰত
নিউজ ডেস্ক, ১৪ ফেব্রুৱাৰী : দিল্লীৰ লালকিল্লা বিস্ফোৰণ কাণ্ডত পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদ জড়িত থকাৰ সুনির্দিষ্ট প্রমাণ পোৱা গৈছে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত নিযুক্ত পর্যবেক্ষক দলৰ প্রতিবেদনত স্পষ্ট ভাষাৰে এই অভিযোগ তোলা হৈছে৷
প্রতিবেদন প্রকাশৰ পিছতেই ভাৰতৰ তৰফৰ পৰা স্বাগতম জনোৱা হৈছে নিৰাপত্তা পৰিষদৰ কমিটীক৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰণবীৰ জয়ছোৱালে বৃহস্পতিবাৰে নিশা কয়– আমি দেখিছোঁ যে তেওঁলোকে (নিৰাপত্তা পৰিষদৰ পর্যবেক্ষক দল) আমি দিয়া তথ্য বহন কৰিছিল৷ সীমান্তৰ সিপাৰৰ সন্ত্রাসৰ বিষয়ে আমাৰ উদ্বেগ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুদ্ধখনক কিদৰে শক্তিশালী কৰা যায় সেই সম্পর্কে ভাৰতৰ অৱস্থানক স্বীকৃতি প্রদান কৰিছে৷ কেৱল জইছেই নহয়, আল–কায়দাৰ ভাৰতীয় উপ–মহাদেশৰ শাখা আইকিউআইএছৰ তৎপৰতাক লৈও উদ্বেগ প্রকাশ কৰিছে জয়ছোৱালে৷
তেওঁ দাবী কৰে যে সংগঠনটোৰ দুই শীর্ষ নেতা আমীৰ ওছামা মাহমুদ আৰু তেওঁৰ সহকাৰী ইয়াহিয়া ঘোড়ীয়ে আফগান তালিবানৰ হাক্কানী নেটৱর্কৰ সহযোগিতাত সেই দেশখনত আত্মগোপন কৰি আছে৷ পূর্বে আফগানিস্তানত থকা ভাৰতীয় দূতাৱাসৰ ওপৰত দুবাৰকৈ আক্রমণ চলাইছিল হাক্কানী নেটৱর্কে৷ সেই গোষ্ঠীটোৰেই মুৰব্বী ছিৰাজুদ্দিন বর্তমান আফগানিস্তানৰ গৃহমন্ত্রী৷ কিন্তু পাকিস্তানপন্থী এই নেতাজনে বর্তমান তালিবানৰ আভ্যন্তৰীণ দণ্ডত একাষৰীয়া হোৱা বুলি খবৰ ওলাইছে৷ এনে পৰিস্থিতিতে ভাৰতত সন্ত্রাস চলাবলৈ আইকিউআইএছে এইবাৰ ‘ইত্তেহাদ–উল–মুজাহিদিন পাকিস্তান’ নামৰ নতুন এটা সন্ত্রাসবাদী গোষ্ঠী গঠন কৰিছে বুলি বিদেশ মন্ত্রালয়ৰ সূত্রত প্রকাশ৷