নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্রা চলোৱাৰ সময়ত কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে প্রশাসনৰ পৰা অনুমতি থকা পথেৰে গতি কৰাৰ পৰিৱর্তে আৰক্ষীৰ বেৰিকেড ভাঙি অন্য পথেৰে গতি কৰিবলৈ উপস্থিত কংগ্রেছ নেতা-কর্মীক প্রৰোচিত কৰাৰ অভিযোগত বশিষ্ঠ থানাত এটা গোচৰ ৰুজু হৈছে৷ অসম আৰক্ষীয়ে নিজাববীয়াকৈ এই গোচৰটো ৰুজু কৰিছে৷ অসম আৰক্ষীৰ এটা সূত্রই জানিবলৈ দিয়া মতে সম্প্রতি আৰক্ষীয়ে আজিৰ ঘটনাৰ সময়ৰ ভিডিঅ’ ক্লিপিং আৰু আলোকচিত্র পৰীক্ষা কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰিছে৷
Prev Post
You might also like