পংকজ শর্মা
সংসদত পাকিস্তানৰ লগত যদি যুদ্ধ কৰাৰ সুযোগ আছিল কিয় নকৰিলে বুলি বিৰোধীয়ে চৰকাৰক থকা–সৰকা কৰা দেখিলোঁ৷ ঠিক আছে ধৰি ল’লোঁ পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ যুদ্ধ নকৰি চৰকাৰে ভুল কৰিলে৷ এবাৰ চাওঁ আহক কাহানিও শেষেই নহ’ব নেকি যেন লাগি অহা ৰাছিয়া–ইউক্রেইন, ইজৰাইল–পেলেষ্টেইন যুদ্ধৰ অলপ তথ্য৷
কেইঘণ্টামানতে শেষ কৰিম বুলি হুংকাৰ দি ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰা যুদ্ধই তিনি বছৰ পাৰ কৰিলে। ২,৫০,০০০ ৰাছিয়ান, ৬২,০০০ ইউক্রেইনীৰ মৃত্যু ঘটিল, আহততো বহুত বেছি৷ তাৰ পাছতো যুদ্ধৰ কোনো ফলাফল ওলোৱা নাই, চলিয়েই আছে৷ দুবছৰ অতিক্রম কৰা গাজা যুদ্ধত ৬৩ হাজাৰ পেলেষ্টাইনী নিহত হৈছে৷ মাত্র এক কোটি জনসংখ্যা থকা ইজৰাইলেও হেৰুৱাইছে ৩,০০০ সৈন্য৷ ফলাফল কিন্তু একো ওলোৱা নাই, ইমান মানুহ মাৰিও ইজৰাইলে যুদ্ধবন্দী উদ্ধাৰ কৰিব পৰা নাই৷
এই পৰিস্থিতি এই কাৰণেই হৈছে কাৰণ যুদ্ধ ৰোমাণ্টিক নহয়, যুদ্ধ বলীডডৰ চিনেমা নহয়৷ যুদ্ধ মানেহ অনিশ্চয়তা৷ যুদ্ধ মানেই ধবংস৷ যুদ্ধ মানেই দুখ৷ যুদ্ধ মানেই মৃত্যু, কেৱল সেনাৰ নহয়, সহস্রাধিক জনতাৰ৷ যুদ্ধ আৰম্ভ কৰিব পাৰি, কিন্তু শেষ কেতিয়া হ’ব সেয়া কাৰো নিয়ন্ত্রণত নাথাকে৷ প্রথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, ভিয়েটনাম যুদ্ধ সকলোতে একেই কাহিনী৷ আহতৰ কথা, সম্পদৰ ক্ষয়ক্ষতিৰ কথা বাদেই দিলোঁ৷
প্রথম বিশ্বযুদ্ধত মৃত্যু হৈছিল ১ কোটি সেনা, ১ কোটি সাধাৰণ লোকৰ৷ ইতিহাসৰ সবাতোকৈ ৰক্তক্ষয়ী দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু ঘটিছিল ৯ কোটি লোকৰ৷ ১৯৭১ চনৰ যুদ্ধত ভাৰত জিকিছিল৷ কিন্তু শ্বহীদ হৈছিল ২,৫০০ৰ পৰা ৩,৮০০জন ভাৰতীয়৷ কার্গিল যুদ্ধত ভাৰতৰ খৰচ হৈছিল ১,৫০০ কোটি, শ্বহীদ হৈছিল ৫২৭জন সৈনিক৷ যিসকলে যুদ্ধবিৰতি কৰাৰ বাবে প্রধানমন্ত্রী, চৰকাৰক সমালোচনা কৰি আছে তেওঁলোকে এবাৰ চাওক এহ তথ্য৷ ভাৰতে আগ্রাসী হৈ কেতিয়াও কাকো আক্রমণ কৰা নাই, কেতিয়াও নকৰে৷ আনকি আক্রমণৰ প্রত্যুত্তৰ দিওঁতেও ভাৰতে শান্তি আৰু সংযমৰ ৰাস্তাহে গ্রহণ কৰি আহিছে৷
১৯৭১ চনত বাংলাদেশ যুদ্ধত ১ লাখ পাকিস্তানী সেনাই আত্মসমর্পণ কৰাৰ পাছতো ভাৰতে হত্যাযজ্ঞ চলাবলৈ যোৱা নাছিল৷ আনকি পাকিস্তানী সেনাক অপমানো কৰা নাছিল৷ বৰঞ্চ সৈনিকৰ মর্যাদা ৰক্ষা কৰি সন্মানহে দিছিল৷ ১৯৯৯ চনত কার্গিল যুদ্ধ জিকাৰ পাছত ভাৰতে পাকিস্তানৰ ভিতৰলৈ সোমাই ভূমি দখলৰ সুযোগ আছিল৷ কিন্তু ভাৰতে সংযম ৰাখিলে, পাকিস্তানৰ দৰে উন্মাদ আচৰণ নকৰিলে৷
দেখাত এই কথাবোৰে লোকচান কৰা যেনো লাগে৷ কিন্তু যেতিয়া গভীৰলৈ সোমাব তেতিয়া দেখিব মহান ভাৰতীয় পৰম্পৰা আৰু সনাতনী ধর্মই শিকোৱা সংযম, ক্ষমা, ধৈর্যৰ দৰে মহান গুণ লৈ চলা বাবে ভাৰত আজি বিশ্বৰ চতুর্থ বৃহৎ অর্থনীতি আৰু পাকিস্তান ভিক্ষাৰীৰ দেশ৷ মহান পৰম্পৰা আৰু সনাতনী ধর্মৰ পথত চলা বাবেই আজি ভাৰতৰ প্রতিভাই গুগলৰ পৰা মাইক্র’ছফ্টলৈকে পৃৃথিৱীৰ সবাতোকৈ নামী–দামী কোম্পানীত ৰাজত্ব কৰিছে৷
আনফালে, পাকিস্তানে সন্ত্রাসবাদৰ পৃষ্ঠপোষক হিচাপে সমগ্র বিশ্বত কুখ্যাতি লাভ কৰিছে৷ বিমুদ্রাকৰণকে ধৰি বহু বিষয়ত আমি মোদী চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰি আহিছোঁ৷ কিন্তু যদি পৃথিৱীৰ বিভিন্ন প্রান্তত, বিশেষকৈ মধ্যপ্রাচ্যত যোৱা পাঁচটা দশকত যুদ্ধৰ বাবে হোৱা ধবংস আৰু মৃত্যুৰ পৰিসংখ্যা চায় তেন্তে ক’ব ভাৰতত সিদ্ধান্তৰ দায়িত্বত থকাসকল দূৰদর্শী।
ইয়াত কোনো সন্দেহেই নাই যে শত্রুক উচিত প্রত্যুত্তৰেৰে ভাৰতৰ শক্তি দেখুৱাই দিয়াটোৱেই প্রতিজন ভাৰতীয়ই কামনা কৰিছিল৷ অপাৰেচন সিন্দূৰত চৰকাৰৰ এইটো কৃতিত্ব যে পাকিস্তানক উচিত শিক্ষাও দিয়া হ’ল অথচ যুদ্ধৰ নামত মধ্যপ্রাচ্য, ৰাছিয়াৰ দৰে অৰাজকতাও নহ’ল আৰু অর্থনীতিৰ পৰা আদি কৰি সকলো সুস্থিৰে থাকিল৷
ইজৰাইল–গাজা যুদ্ধত তিল তিলকৈ মৰা শিশুসকলক দেখি দেখি ভাব হৈছে আমাৰ নেতাসকল পশ্চিমীয়া নেতাসকলতকৈ দূৰদৃষ্টিসম্পন্ন৷ ভাৰতীয় দর্শনে ক’ৰবাত আমাক অন্তত নিষ্ঠুৰ হত্যাকাৰী, আগ্রাসী হ’বলৈ অনুমতি দিয়া নাই৷ বহু পোৱা–নোপোৱাৰ মাজতো এটা সন্তুষ্টি– আমাৰ দেশ হত্যাকাৰী নহয়, আমাৰ দেশ আগ্রাসী নহয়৷ সংসদত হয়তো ৰাজনীতিৰ স্বার্থতো বহু কথা কয় সাংসদসকলে৷ কিন্তু যুদ্ধৰ জটিল পৰিস্থিতিলৈ ঠেলি নিদিয়াকৈ দেশক জিকাব পৰাটোহে মূল কথা৷ সেই হিচাপত কিন্তু অপাৰেচন সিন্দূৰ সফল৷
ফোনঃ ৯৮৬৪৩–৬৪৪১১