নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱিত্ৰ ভাদ মাহ… ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰ নামঘৰ

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰ নামঘৰ ৰ পালনাম পূৰ্ৱৰ দৰে এইবাৰো মাহজোৰা চাৰি প্ৰসংগীয়া পাল নামলৈ ভকত বৈষ্ণৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বৰ নামঘৰ পৰিচালনা সমিতিয়ে।

মহাপুৰুষ জনাই ১৪৫০ শকত যোৰহাট জিলাৰ ঢেকীয়াখোৱা গাঁৱত যি স্থানত নিকৃণ বুঢ়া বুঢ়ীৰ লগত ঢেঁকীয়া শাকেৰে অন্ন গ্ৰহণ কৰি এগছি বন্তি স্থাপন কৰি অন্ন গ্ৰহণৰ আগতে সেৱা লৈছিল, সেই বন্তি গছি আজি ও অক্ষয় বন্তি হিচাপে প্ৰজ্বলিত হৈ আছে। সেই বন্তি গছিক কেন্দ্ৰ কৰিয়েই গাঁওবাসীয়ে নীতি নিয়মে পৱিত্ৰ ভাদ মাহত যি চাৰি প্ৰসংঙ্গীয়া‌পাল নাম ভাদ মাহত আয়োজন কৰি আহিছে, প্ৰতি দিনে বৰ নামঘৰত ভাগৱত পাঠ আৰু নাম কীৰ্তন চলি থাকে যদিও পৱিত্ৰ ভাদ মাহত চাৰি প্ৰসংগ নামৰ লগতে মাধৱদেৱৰ ঘোষা শাস্ত্ৰ পাঠ কৰা হয়। যি স্থানত মাধৱদেৱ গুৰুজনাই অন্ন গ্ৰহণ কৰিছিল সেই স্থানতেই ভাদ মাহৰ অন্ন সিজাই ভক্তসকলে অন্ন গ্ৰহণ কৰি আহিছে।

নামঘৰ চাৰিবেৰা ৰং তেল দি ,চাফ চিকুন কৰি পোহৰাই তোলাৰ লগতে ভক্ত বৈষ্ণৱক সুস্ৰষা কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে।উল্লেখ যে পৱিত্ৰ ভাদ মাহত চাৰি প্ৰসঙ্গীয়া পাল নামলৈ সকলো কাৰ্যসূচী লগতে গুৰু দুজনাৰ তিৰোভাৱ তিথি ,শ্ৰী কৃষ্ণৰ জন্মাষ্টমী ১ ভাদৰ পৰা ১ আহিন লৈ আয়োজন কৰা হৈছে।

এইবাৰ নামাচাৰ্য হিচাপে থাকিব বটৰ গঞা সত্ৰৰ অবনী গোস্বামী।উল্লেখ যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাই পৰা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা বৈষ্ণৱ সকল আহি সেৱা লয় হি এই ঢেকীয়াখোৱা বৰ নামঘৰত।পুৱাৰ পৰা নিশা লৈকে চলা চাৰি প্ৰসঙ্গগীয়া পাল নামলৈ ভিৰ কৰেহি প্ৰতি বছৰে। এই বছৰো সাজো হৈছে সমগ্ৰ ঢেকীয়াখোৱাৰ ৰাইজৰ তথা নামঘৰ পৰিচালনা সমিতিয়ে লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে তথা ভক্তৰ সমাগম হ’ব বুলি জানিবলৈ দিছে ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতি সভাপতি প্ৰবীণ কলিতা আৰু সম্পাদক অজয় চন্দ্ৰ বৰাই।

নিয়মীয়া বাৰ্তা, কাকজান, ৬ জুলাই, ২০২৫
You might also like