নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : বিজয় মন্ত্র

পংকজ শৰ্মা

প্রধানমন্ত্রী নৰেন্দ্র মোদী এইবাৰৰ নির্বাচনতো অপ্রতিৰোধ্য হৈ ৰ’ব নেকি? একেদৰে ২০০১ চনৰ পৰা চলি থকা ড০ হিমন্ত বিশ্ব শর্মাৰ যাদু ২০২৪তো সমানেই চলিব নেকি? কিহে মুখ্যমন্ত্রী ড০ শর্মাক ২০০১ চনৰ পৰা এবাৰৰ বাবেও পৰাস্ত হ’বলৈ দিয়া নাই? কংগ্রেছৰ পিছত বিজেপিলৈ আহিও ৫৪ বছৰীয়া নেতাগৰাকীয়ে সাফল্যৰ সোৱাদ বিৰোধীৰ বৰ বেছি প্রত্যাহ্বান নোপোৱাকৈ ধুনীয়াকৈ লৈয়েই আছে৷ বিজয়ৰ ৰেচিপিনো কি, বেলেগ নেতাই শিকিব নোৱাৰে নেকি? আমি বিশ্লেষণ কৰি উলিয়াইছো ড০ হিমন্ত বিশ্ব শর্মাৰ পাঁচটা বিজয় মন্ত্র৷ এই পাঁচটা বিজয় মন্ত্র যিজন নেতা–দলে প্রয়োগ কৰিব পাৰিব তেওঁলোককো ৰাজনীতিৰ একেই সাফল্যই আহি চুম্বন কৰিব৷ গতিকে এয়া বিৰোধীৰ বাবে পাঁচটা বিজয় মন্ত্র৷

১৷ তেওঁ প্রচুৰ পৰিশ্রম কৰেঃ টমাছ আলভা এডিছনৰ পৰা ষ্টিভ জবছলৈ আটাইতকৈ সফল ব্যক্তিসকলে সফলতাৰ বাবে দি থৈ যোৱা উমৈহতীয়া মন্ত্রটোৱেই হৈছে কঠোৰ পৰিশ্রম৷ ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে ৰাজহুৱা জীৱনত থকা ব্যক্তিসকলৰ দৈনন্দিন জীৱন ৰুটিন আমাৰ চকুৰ সমুখতে থাকে৷ এতিয়া পাঠককে প্রশ্ন কৰিছো– ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে পুৱাৰ পৰা মাজনিশালৈকে পৰিশ্রম কৰা অসমৰ দ্বিতীয় এজন নেতাৰ নাম ক’ব পাৰিব নেকি? মার্চ মাহৰ প্রথমটো সপ্তাহৰ এটা দিনত গুৱাহাটীত মুখ্যমন্ত্রীৰ পূর্বনির্ধাৰিত কার্যসূচীতেই আছিল ৮টা, পুৱা ৮.৩০ বজাৰ পৰা নিশা ৯.৩০ বজালৈ৷ পূর্বনির্ধাৰিত কার্যসূচী শেষ কৰাৰ পিছত মাজনিশালৈকে বিভিন্ন দল–সংগঠনৰে বৈঠকত বহা, বিভিন্ন ব্যক্তিক সাক্ষাৎ কৰা মুখ্যমন্ত্রীৰ ৰুটিনৰ অংশ৷ প্রায়েই দেখা যায় দিনটোৰ ব্যস্ততাপূর্ণ কার্যসূচী সামৰি মুখ্যমন্ত্রী নির্মীয়মান দলং, হাস্পতালৰ কাম চাবলৈ ওলাই যায়৷ মুখ্যমন্ত্রীৰ ডায়েৰীৰ দুয়োটা খণ্ড যিসকলে পঢ়িছে সেইসকলে অনুভৱ কৰিব পাৰে ৰাজনৈতিক নেতাৰ সাধাৰণভাৱে আৰম্ভ হোৱা এটা দিন কঠোৰ পৰিশ্রমৰ মাজেৰে নিশা হোৱালৈ কেনেকৈ বৈচিত্র্যময় হৈ উঠে৷ এতিয়া বিৰোধী বহু নেতাই ড০ হিমন্ত বিশ্ব শর্মাক ২০২৬ত ওফৰাই দিছপুৰৰ গাদী দখল কৰিম বুলি দাবী কৰে৷ কিন্তু ৰজাক ভেদিবলৈ প্রথমেতো ঢালখন ভেদিব লাগিব৷ যদি হিমন্ত বিশ্ব শর্মাক পৰাস্ত কৰিবলৈ লাগে তেন্তে হিমন্ত বিশ্ব শর্মাৰ দৰে এই পৰিশ্রমোতো কৰিব লাগিব৷ পাঠকৰ মনত আছে জানো এনে পৰিশ্রম কৰা বিৰোধী নেতা

২৷ তেওঁ কৰি দেখুৱায়ঃ কংগ্রেছত থকা অৱস্থাত ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছৰ পৰম্পৰাৰ বিপৰীতে গৈ নিকা নিযুক্তিৰ ওকালতি কৰিছিল৷ টকা দিয়া আৰু চাকৰি লোৱা নীতিক প্রত্যাহ্বান জনাই তৰুণ গগৈ চৰকাৰৰ সময়তে টেট ব্যৱস্থাৰে নিকা নিযুক্তিৰে একপ্রকাৰ বিপ্লৱ আনিছিল৷ তাৰ পৰৱর্তী পর্যায়তো ঘোষণা কৰাৰ ধৰণৰে নিকা নিযুক্তিৰ ধাৰা বিজেপি চৰকাৰৰ দিনতো অব্যাহত ৰাখিছিল৷ পিছলৈ মাহক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই, এক লাখ নিযুক্তি, ৰাস্তা–ঘাট পকীকৰণ আদিৰে ড০ হিমন্ত বিশ্ব শর্মাই এটা ইমেজ গঢ়িলে– কথা দি কথা ৰখা নেতা৷ যি কয় কৰি দেখুৱায়৷ ভালদৰে চালে দেখিব প্রতিশ্রুতিবোৰ এনেকুৱা নহয় যে ১০০ শতাংশই পূৰণ হৈছে৷ ২৫ লাখ নিবনুৱাৰ মাত্র ১ লাখৰহে চাকৰি হৈছে, মাহক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইতো বহু চর্ত আছিল৷ কিন্তু অসমৰ ৰাজনৈতিক পৰিৱেশত ইমানখিনি কথা ৰখা, সাধাৰণ ভোটাৰক ইমানখিনি মৰম দিয়া নেতাও পূর্বে নাছিল৷ কথা দি একেবাৰেই নৰখা নেতাৰ মাজত কথা দি এশ শতাংশ নহ’লেও ভালেখিনি ৰখা নেতা এজন ড০ হিমন্ত বিশ্ব শর্মাৰ ৰূপত পাই ভোটাৰ সন্তুষ্ট৷ ভোটাৰে তাৰ উত্তৰ ২০১৬, ২০২৯, ২০২১ত বেলটযোগে দিছে৷ এতিয়া হিমন্ত বিশ্ব শর্মাক হৰুৱাবলৈ তেওঁৰ সমান বা তেওঁতকৈও কথা দি কথা ৰাখিব পাৰিম বুলি ভোটাৰক বিশ্বাস যোগাব পৰা নেতা ওলাব লাগিব৷ আজিৰ তাৰিখত আছে জানো তেনে নেতা।

৩৷ তেওঁ সংগঠন চলাব জানেঃ যদি ভালদৰে চায় আজিৰ তাৰিখত সংগঠন হিচাপে কংগ্রেছত যিমান সমস্যা আছে বিজেপিত তাতকৈও বেছি সমস্যা আছে৷ ন–পুৰণি বিজেপিৰ শীতল যুদ্ধ, লবীকেন্দ্রিক ৰাজনীতি, সকলো নেতাই নিজক যোগ্য বুলি ভাবে, গতিকে পদবী ভগোৱাৰ জটিলতা, দলত ভোটাৰক মুহিব পৰা নেতাৰ অভাৱ.. আৰু….. আৰু..৷ কিন্তু তাৰ পিছতো বাহিৰৰ পৰা দেখাত সুখী পৰিয়ালৰ দৰে চলি আছে অসম বিজেপি৷ কেন্দ্রীয়ভাৱে একপ্রকাৰ এজন মানুহৰ ইচ্ছাতে সমগ্র সংগঠন পৰিচালিত হয় অথচ সুকলমে চলিও আছে৷ শাসনত থাকিলে সংগঠন চলোৱা সহজ শাসনত থাকিলে বিদ্রোহ কোনোবাই কৰিলেও দমন কৰিব পাৰি কিন্তু সেয়াই শেষ কথা নহয়৷ অকল দমন নীতিৰে চলি থকা হ’লে বিজেপিৰ অসমৰ সংগঠন ইমান সফল কেতিয়াও নহ’লহেঁতেন৷ ড০ হিমন্ত বিশ্ব শর্মাই খুব ভালদৰে জানে কেনেকৈ সংগঠন কৰিব লাগে৷ কোনজন ব্যক্তিক কোন কামত ব্যৱহাৰ কৰিলে দলৰ লাভ হ’ব৷ ইগো, ব্যক্তিগত ভালপোৱা–বেয়াপোৱা তল পৰি যায় যেতিয়া দল আৰু চৰকাৰ সফল হোৱাৰ সম্ভাৱনা থাকে৷ এইবাৰৰ নির্বাচনত যোৱা দুটা মাহত বিজেপিৰ গুৱাহাটীৰ কার্যালয়ত মুখ্যমন্ত্রীয়ে কমেও ২০খন বৈঠক কৰিছে৷ অসন্তুষ্ট নেতাক সৈমান কৰিছে, যুৱ নেতাক কাম কৰিবলৈ উৎসাহিত কৰিছে৷ একেই কৌশল প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা অথবা তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ল’ব পাৰিছেনে? উত্তৰ পাঠকলৈ এৰিলো৷ হিমন্ত বিশ্ব শর্মাক হৰুৱাবলৈ সংগঠন চলোৱাত হিমন্ত বিশ্ব শর্মাৰ দৰে দক্ষ হ’ব লাগিব৷ আছে জানো বেলেগৰ সেই দক্ষতা?

৪৷ তেওঁ জানে বিপক্ষৰ দুর্বলতা–নিজৰ শক্তিঃ চাণক্যৰ পৰা মেকিয়া ভেলীলৈ সকলোৱে যুদ্ধত নিজক শক্তিশালীকৰণৰ কৌশল হিচাপে কৈ গৈছে বিপক্ষক দুর্বল কৰা৷ পাৰিলে যুদ্ধৰ আগতে বিপক্ষৰ সেনাপতিক নিজৰ দললৈ লৈ আনা৷ আনকি বিজেপিৰ নেতাসকলেই অভিযোগ কৰা হৈছে যে বিজেপিতো এতিয়া শক্তিশালী, কংগ্রেছৰ পৰা ইমান নেতা আনিব লাগে কিয়? এহটো নির্মম বাস্তৱ যে কংগ্রেছৰ প্রতিভাৱান–প্রভাৱশালী কোনোবা নেতা বিজেপিলৈ আহিলে গেৰুৱা দলটোৰ ইতিমধ্যেই থকা নেতাজন শংকিত হয় এটা কাৰণতে– কংগ্রেছৰ পৰা অহাজনে মোৰ স্থান লৈ ল’ব নেকি? মুখ্যমন্ত্রীয়ে ভালদৰে জানে এয়া একেবাৰে দুর্বল চিন্তা আৰু দুর্বলৰ ৰাজনীতিত সফল হোৱাৰ সম্ভাৱনা ক্ষীণ৷ কিন্তু এহটোও নির্মম সত্য যে কংগ্রেছত ভাঙোন মানে বিজেপি আৰু শক্তিশালী হোৱা, দলৰ সময় ৰাহি হোৱা, বহু বছৰলৈ শাসন সুৰক্ষিত থকাৰ সম্ভাৱনা৷ ৰাজনীতিৰ পথাৰত নৈতিকতা কেৱল এটা শব্দ৷ ৰাজনীতিৰ যুদ্ধত সকলোৱে জিকিবৰ কাৰণে সকলো কৌশল প্রয়োগ কৰে৷ এতিয়া কংগ্রেছে বিজেপিত ভাঙোন অনাতো বাদেই নিজ দলৰ খহনীয়াই ৰোধ কৰিব নোৱাৰে৷ এদিনতো পৰিৱর্তন হ’বই, একোৱেহ স্থায়ী নহয় ধৰণৰ দর্শনেৰে কংগ্রেছে সাত্ব্ন্না লভিছে৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাক অকল দর্শনেও হৰুৱাব নোৱাৰে, তাৰ বাবে লাগিব ৰণকৌশল৷

৫৷ তেওঁ সময়ত বিনিয়োগ কৰেঃ প্রায়েই দেখা যায় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অনুষ্ঠান শেষ হোৱাৰ পিছতে মানুহৰ মাজলৈ গুচি যায়৷ মানুহে তেওঁৰ লগত ছেলফি তোলে৷ মুখ্যমন্ত্রী হোৱাৰ তিনিটা বছৰত তেওঁ যুৱ চামৰ মাজতো যথেষ্ট সময় কটাহছে৷ আপাতদৃষ্টিত চাবলৈ গ’লে এহ কামবোৰ মূল্যহীন৷ মুখ্যমন্ত্রী এজন মানুহৰ ঠেলা-হেঁচাৰ মাজত এনেকৈ যোৱাত কিছু কষ্টও হয়৷ আনকি কিছু ভাবুকিও থাকে৷ কিন্তু এই ৰিস্ক লৈ অত্যন্ত সাৱলীল আৰু স্বতঃফূর্তভাৱে বহু বছৰ আগৰে পৰাহ ড০ হিমন্ত বিশ্ব শর্মাই জনতাৰ মাজত সময় কটাই আহিছে৷ ভবা হৈছিল মুখ্যমন্ত্রী হোৱাৰ পিছত তেওঁ সলনি হ’ব৷ কাৰণ ডাঙৰ লক্ষ্য পূৰণ হ’ল৷ কিন্তু মুখ্যমন্ত্রী হোৱাৰ পিছত মানুহৰ মাজলৈ যোৱাৰ কোব ড০ হিমন্ত বিশ্ব শর্মাৰ বাঢ়িলহে৷ ভালদৰে চালে দেখিব এয়া এক মুখ্যমন্ত্রীৰ ইতিবাচক বিনিয়োগৰ দৰে কথা৷ সাময়িকভাৱে একো লাভ নাহ, কিন্তু যিজন মানুহে একেবাৰে অকৃত্রিমভাৱে নিজৰ ভাল সময়তো ভোটাৰৰ মাজত থাকে সেইজনক বেয়া সময়তো বহুত বেছি বেয়া পোৱাটো টান হৈ পৰে৷ এয়া বেয়া সময়ৰ বাবে ভাল সময়ত কৰা বিনিয়োগ৷ এতিয়া গাদী হেৰুওৱা কেইজন নেতাই ভাল সময়ত এনেকৈ বিনিয়োগ কৰিছিল নিজৰ সময়?

এতিয়া পাঁচটা কাৰকৰ যিকোনো তিনিটাত হৰুৱাব পাৰিলেহ বাজিমাৎ হ’ব, কিন্তু এয়া সম্ভৱ হ’ব জানো?

ফোনঃ ৯৮৬৪৩৬৪৪১১

You might also like