নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰয়েল চেলেঞ্জার্ছৰ বিৰুদ্ধে আজি ৰাজস্থান ৰয়েলছৰ পিংক প্ৰমিছ মেচ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ চলিত আহপিএলত প্রত্যাশিতভাৱে অভিযান আৰম্ভ কৰিছে ৰাজস্থান ৰয়েলছে৷ আইপিএলৰ উদ্বোধনী বর্ষৰ চেম্পিয়ন দলটোৱে ইতিমধ্যে খেলা প্রথম তিনিখন মেচৰ আটাইকেইখনতে জয়লাভ কৰি হেট্ৰিক অর্জন কৰিছে৷ জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে বহু প্রত্যাশিত ‘পিংক প্র’মিছ’ মেচখন খেলিব৷ গৃহভূমিত খেলিব লগা মেচখনক লৈ দলটো আত্মবিশ্বাসী বুলি সংবাদ মেলত ব্যক্ত কৰিছে ৰয়েলছৰ সদস্য তথা টীম ইণ্ডিয়াৰ স্পিনাৰ যুজৱেন্দ্র চাহালে৷ ‘আমি প্রথম তিনিখন মেচত দলীয় শক্তিৰে জয়লাভ কৰিবলৈ সক্ষম হৈছো৷ দৃঢ় বেটিং লগতে সুন্দৰ বলিং৷ এই সফলতা অব্যাহত ৰাখি আজিৰ মেচতো অপৰাজেয় জয়যাত্রা অব্যাহত ৰখাৰ লক্ষ্য লৈছোঁ৷ আমাৰ মিডল অর্ডাৰ বেটিং এইসময়ত সর্বশ্রেষ্ঠ৷ আনহাতে, পেচ বলিঙো সর্বোত্তম৷’ চাহালে ব্যক্ত কৰে৷ ইফালে, আজিৰ এই বিশেষ মেচখনক লৈ ৰাজস্থান ৰয়েলছে আন এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে৷ সেহ অনুসৰি ‘পিংক প্র’মিছ’ মেচত দুয়োটা দলে ছিক্সাৰ মাৰিলে প্রতিটো ছয়ৰ বিপৰীতে ছটা ঘৰত সৌৰশক্তিৰ ব্যৱস্থা কৰিব ৰয়েল ৰাজস্থান ফাউণ্ডেচনে৷ উল্লেখ্য যে ‘পিংক প্র’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল–পিংক মেচডে’ কিট পিন্ধিব, যিবোৰত সন্মানৰ চিন হিচাপে আৰআৰএফৰ কিছুমান বিশেষ মহিলা হিতাধিকাৰীৰ নামো লিখা থাকিব৷ ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্রয় কৰা প্রতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্রাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূর্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্রতিটো অল পিংক ৰয়েলছৰ জার্ছি বিক্রীৰ পৰা পোৱা ধনো ৰয়েল ৰাজস্থান ফাউণ্ডেচনক দিয়া হ’ব৷ ‘ঔৰত হে’হ তো ভাৰত হে’হ’ৰ দৃষ্টিভংগীৰে ২০১৯ চনত প্রতিষ্ঠা হোৱা আৰআৰএফে জন্মৰে পৰাহ ৰাজস্থানৰ সবল মহিলাসকলৰ বাবে পানী, জীৱিকা, স্বচ্ছ শক্তি আৰু মানসিক স্বাস্থ্যৰ সমতাপূর্ণ সুবিধাৰ জৰিয়তে সুবিধা প্রদানৰ কাম কৰি আহিছে৷ সৌৰশক্তি হৈছে স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ এক মূল উপাদান৷ এহ সন্দর্ভত ৰাজস্থান ৰয়েলছৰ মুখ্য কার্যবাহী বিষয়া জেক লুছ মেকক্রামে কয় যে ফাউণ্ডেচনে বিগত পাঁচ বছৰত ৰাজস্থানৰ ডেৰ কোটিতকৈও অধিক মহিলাৰ জীৱনত ইতিবাচক প্রভাৱ পেলাইছে৷ এয়া কেৱল ৰাজস্থানতে সীমাবদ্ধ হৈ থকা নাই৷ ইয়াৰ জৰিয়তে সমগ্র দেশতে এটা গ্রাম্য ৰূপান্তৰ আর্হি সৃষ্টি কৰা হৈছে৷ উল্লেখ্য যে ‘পিংক প্র’মিছ’ মেচৰ পূর্বে ৰয়েলছ দলৰ খেলুৱৈসকলে ৰাজস্থানৰ গাঁৱলৈ গৈ মহিলাৰ লগত বার্তালাপো কৰিছিল৷

You might also like