নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবাৰীত যাত্রীবাহী ৰে’ল কপিলী লাইনচ্যুত

বন্ধ ৰে’ল চলাচলঃ কথমপি প্রাণৰক্ষা বহু যাত্রীৰ

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ মহানগৰীৰ চন্দ্রপুৰৰ পাণবাৰীত ভয়ংকৰ ৰে’ল দুর্ঘটনা৷ কথমপি প্রাণৰক্ষা বহু যাত্রীৰ৷ জানিব পৰা মতে, গুৱাহাটীৰ পৰা নগাঁৱৰ হয়বৰগাঁৱলৈ যাত্রা কৰা কপিলী যাত্রীবাহী দ্রুতবেগী ৰে’লখন পাণবাৰী ৰে’ল ষ্টেচনত প্রৱেশ কৰাৰ সময়তে ৰে’লখনৰ এটা দবাৰ দুটাকৈ চকা ৰে’লআলিৰ পৰা নামি যায়৷ ফলত ৰে’লখনৰ যাত্রীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে ৰে’লখন লাইনচ্যুত হোৱাৰ পিছতো যাত্রীসকলৰ খবৰ ল’বলৈ আহৰি নাপালে ৰে’ল বিভাগৰ বিষয়া–কর্মচাৰীয়ে৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰে যাত্রীসকল৷

প্রায় তিনি ঘণ্টামান পিছত ৰে’ল বিভাগৰ বিষয়া–কর্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ লাইনচ্যুত দবাটোৰ মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰে৷ ৰে’লযাত্রীসকলে অভিযোগ কৰা মতে, ৰে’লখনে পাণবাৰী ষ্টেচনত প্রৱেশৰ আগমুহূর্তত এক প্রচণ্ড শব্দ কৰে৷ ৰে’লখন ৰখাই দিয়াৰ পিছত যাত্রীসকলে ৰে’লখনৰ পৰা নামি আহি ঘটনাৰ বুজ লয় আৰু দুটাকৈ দবাৰ চকা ৰে’লআলিৰ পৰা নামি যোৱা প্রত্যক্ষ কৰে৷ ৰে’লখন লাইনচ্যুত হোৱাৰ ফলত দীর্ঘ সময় ধৰি উজনি–নামনি সকলোবোৰ ৰে’লৰ যাতায়াত বন্ধ ৰাখিবলগীয়াত পৰে ৰে’ল বিভাগে৷

You might also like