নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিয়ানাৰ জেলত ৰঙিয়াৰ যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : অসমৰ যুৱকৰ বহিঃৰাজ্যৰ জেলত মৃত্যু। মৃত যুৱকজন হৈছে ৰঙিয়াৰ বালাগাঁৱৰ আচিফ আহমেদ। হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জেলত মৃত্যুক সাৱটি লয় যুৱকজনে  প্ৰায় দহ মাহ পুৰ্বে আফিং সৰবৰাহ কৰা এক গোচৰত হাৰিয়ানা আৰক্ষীয়ে যুৱকজনক ৰঙিয়াৰ পৰা আটক কৰি লৈ গৈছিল। যুৱকজনক হাৰিয়ানা আৰক্ষীয়ে ন্যায়ালয়ত হাজিৰ কৰাৰ পিছত কুৰুক্ষেত্ৰ জেললৈ প্ৰেৰণ কৰিছিল। যুৱকজন জেলত আৱদ্ধ হৈ থকাৰ সময়ত পৰিয়ালৰ লোকে ন্যায়ালয়লৰ জৰিয়তে মুকলি কৰি আনিবলৈ চেষ্টা অব্যহত ৰাখিছিল। তেনে সময়তে যুৱকজনে যোৱা বৃহস্পতিবাৰে জেলৰ ভিতৰতে মৃত্যুক সাৱটি লয়। জেল কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে পুৱা প্ৰায় ৫ বজাত হঠাৎ অসুস্থ হৈ যুৱকজনে মৃত্যুক সাৱটি লয়। ইফালে পৰিয়ালৰ লোকে হাৰিয়ানালৈ গৈ মৃতদেহটো চমজি লোৱাৰ পিচত যোৱানিশা মৃতদেহটো ৰঙিয়া বালাগাঁৱৰ নিজগৃহলৈ আনে। শনিবাৰে যুৱকজনৰ জানাজা সম্পন্ন কৰা হয়।

প্ৰেৰক ফাৰুক হুছেইন

You might also like