নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱ শৰীৰত ক’ভাক্সিন প্রয়োগৰ অনুমতি

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ভাৰতবর্ষত ক’ৰোনাই গণসংক্রমণৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশত চলা ক’ৰোনা প্রতিৰোধী ভেকচিনৰ গৱেষণাই এক বিশেষ সফলতা লাভ কৰিছে৷ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইম্ছে সোমবাৰে এই ভেকচিন মানৱ দেহত প্রয়োগ কৰি পৰীক্ষা কৰাৰ বাবে অনুমতি প্রদান কৰিছে৷ ক’ভাক্সিন(Covaxin) নামৰ এই ভেকচিনটো প্রস্তুতৰ বাবে হায়দৰাবাদৰ ঔষধ নির্মাতা কোম্পানী ভাৰত বায়’টেকৰ সহযোগত গৱেষণা অব্যাহত ৰাখিছে আইচিএমআৰ আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’ল’জীয়ে৷

এইমছৰ এথিক্ছ কমিটীয়ে এই ভেকচিনটো মানৱ দেহত প্রয়োগ কৰি পৰীক্ষা চলোৱাৰ বাবে প্রয়োজনীয় সকলোধৰণৰ আনুষ্ঠানিক অনুমতি প্রদান কৰিছে৷ এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কয় যে তিনিটা পর্যায়ত ১৮০০ স্বেচ্ছাসেৱকৰ শৰীৰত প্রয়োগ কৰা হ’ব এই ভেকচিন৷ প্রথম পর্যায়ত ৩৭৫টা ভেকচিনৰ নমুনা ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ লোকৰ শৰীৰত প্রয়োগ কৰা হ’ব৷ দ্বিতীয় পর্যায়ত ১২ৰ পৰা ৬৫ বছৰ বয়সৰ ৭৫০গৰাকী লোকৰ শৰীৰত এই ভেক্চিন প্রয়োগ কৰি পৰীক্ষা কৰা হ’ব৷ আৰু তৃতীয় পর্যায়ত বৃহৎসংখ্যক স্বেচ্ছাসেৱকৰ গোটৰ শৰীৰত এই ভেক্চিনৰ পৰীক্ষা চলোৱা হ’ব৷ এই তিনিটা পর্যায়ৰ অন্তত প্রতিজন লোকৰ শৰীৰত কিমান ক’ৰোনা প্রতিৰোধী ক্ষমতা গঢ়ি উঠে, সেয়া নির্ধাৰণ কৰা হ’ব৷ এই ভেকচিনৰ প্রতিটো ড’জ ৩ মাইক্র’গ্রামৰ পৰা ৬ মাইক্র’গ্রামৰ ভিতৰত প্রস্তুত কৰা হ’ব৷ ড’জৰ পৰিমাণ পর্যায়ক্রমে পৰীক্ষা কৰা হ’ব৷ মানৱ দেহত এই ভেক্চিন প্রয়োগৰ পিছত প্রথম পর্যায়ত ২৮ দিনৰ বাবে প্রতিগৰাকী লোকক নিৰীক্ষণত ৰখা হ’ব৷ এই নিৰীক্ষণৰ সময়ত ক’ৰোনা ভেকচিন প্রয়োগ কৰা লোকসকলৰ শৰীৰত কোনোধৰণৰ পার্শ্বক্রিয়াৰ সৃষ্টি হৈছে নেকি, তাৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টি ৰখা হ’ব৷ প্রায় ৩ মাহ ধৰি পর্যায়ক্রমে এই নিৰীক্ষণ অব্যাহত থাকিব৷ যিসকল স্বেচ্ছাসেৱকে পৰীক্ষামূলকভাৱে এই ভেক্চিন শৰীৰত গ্রহণ কৰিবলৈ আগবাঢ়ি আহিব, প্রথমে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বৃক্কৰ সকলোধৰণৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতহে ভেকচিন গ্রহণৰ অনুমতি লাভ কৰিব বুলি এইমছৰ সঞ্চালকজনে জানিবলৈ দিয়ে৷

তাৎপর্যপূর্ণভাৱে এই সন্দর্ভত  এইমছৰ সঞ্চালক গুলেৰিয়াই প্রকাশ কৰে যে ছিংগাপুৰত হোৱা এটা গৱেষণাত এই কথা স্পষ্ট হৈছে যে দক্ষিণ–পূব এছিয়াৰ যিসকল লোক ক’ভিড–১৯ত আক্রান্ত হোৱা নাই, তেওঁলোকৰ শৰীৰত ইতিমধ্যেই ক’ৰোনা প্রতিৰোধী ক্ষমতা গঢ়ি উঠিছে৷ হয়তো অতীতত ক’ৰোনা ভাইৰাছৰ লেখিয়া আন ধৰণৰ ভাইৰাছৰ সৈতে যুঁজ দিয়া বাবেই এনে প্রতিৰোধ ক্ষমতা গঢ়ি উঠিব পাৰে বুলি গৱেষণাটোত কোৱা হৈছে৷ সেইবাবেই পশ্চিমীয়া বিশ্বৰ লোকসকলতকৈ দক্ষিণ–পূব এছিয়াৰ লোকৰ ক’ভিড প্রতিৰোধী ক্ষমতা বেছি বুলি গৱেষণাটোত উল্লেখ কৰাৰ কথা এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই সদৰী কৰে৷ উল্লেখ্য যে দেওবাৰে এইমছৰ সঞ্চালকজনে ভাৰতত স্থানীয়ভাৱে ক’ৰোনা ভাইৰাছৰ গণসংক্রমণ আৰম্ভ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছদিনাই ভেকচিন সম্পর্কীয় আজিৰ ঘোষণা ইতিবাচক বুলি বিবেচিত হৈছে৷ দেশৰ চিকিৎসক আৰু বিজ্ঞানীসকলে ইতিপূর্বে ভাৰত বায়’টেকৰ ক’ভাক্সিন নামৰ ক’ৰোনা প্রতিৰোধী ভেকচিনৰ গৱেষণা ইতিবাচক দিশে আগবাঢ়ি থকা বুলি প্রকাশ কৰিছিল৷ বিশেষকৈ আইচিএমআৰৰ দৰে সংস্থা এই ভেকচিন গৱেষণা প্রক্রিয়াৰ সৈতে জড়িত হৈ থকাটো আশাব্যঞ্জক বুলি বিবেচিত হৈছে

You might also like